Breaking News

শিৱসাগৰৰ চণ্টক বালিগাঁৱৰ পৰা ২০১৫ চনতে নিৰুদ্দেশ হৈ থকা যুৱকক গুজৰাটৰ পৰা উদ্ধাৰ

 


ডিজিটেল সংবাদ, শিৱসাগৰঃ
শিৱসাগৰৰ চণ্টক বালিগাঁৱৰ পৰা ২০১৫ চনতে নিৰুদ্দেশ হৈ থকা যুৱকক গুজৰাটৰ পৰা উদ্ধাৰ অসম আৰক্ষীৰ পুত্ৰ হেৰাই যোৱা বেদনা পুনৰ বৃদ্ধা পিতৃ-মাতৃৰ মুখলৈ হাঁহিৰ ৰেঙনি আনিলে সূৰ্য্য কুমাৰ বৰাই, সকলো আৰক্ষীৰ বাবে তেখেত হৈ পৰক এক আদৰ্শ স্বৰূপ চণ্টক বালিগাঁৱৰ পৰা ২০১৫ চনত নিৰুদ্দেশ হোৱা যুৱকক গুজৰাটৰ পৰা উদ্ধাৰ শিমলুগুৰি আৰক্ষীৰ । শিৱসাগৰৰ চণ্টক বালিগাঁৱৰ নিবাসী ভুবন চেতিয়াৰ পুত্ৰ জয়ন্ত চেতিয়া ২০১৫ চনৰে পৰা সন্ধানহীন হৈ আছিল । সেই সময়ত জয়ন্ত নিৰুদ্দেশ হোৱা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষী থানাত কোনো ধৰণৰ অভিযুগ দাখিল কৰা নাই । কাৰণ জয়ন্তয়ে মানসিক ৰোগত ভুগি থকা দেখি পৰিয়ালৰ লোকে কথাষাৰ বেছি গম্ভীৰ ভাৱে লোৱা নাছিল । ঘটনাটোৰ সময়ত ভুক্তভূগীৰ অনুমানিক বয়স আছিল ৩০ ৰ পৰা ৩১ বছৰৰ ভিতৰত । সময়ৰ লগে লগে বছৰ আৰু দিন বাগৰিব ধৰিলে । বিচাৰ-কোচাৰ সকলো শেষ কৰি পৰিয়ালৰ লোকে জয়ন্তৰ সন্ধান লাভ নকৰি হাৰ মানি বহু দিনৰ আগতে পৰম্পৰা নীতি নিয়ম কৰি সকলো সামৰিলে । চলিত বৰ্ষৰ নবেম্বৰ মাহত চণ্টক বালিগাঁৱৰ সেই ঘৰখনত এটা খবৰ লৈ আহি উপস্থিত হ'লহি শিমলুগুৰি আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য্য কুমাৰ বৰা নেতৃত্বৰ এটা আৰক্ষীৰ দল । আৰক্ষী হাতত জয়ন্ত চেতিয়াৰ জীৱিত খবৰ পাই হতভম্ব জেষ্ঠ ভাতৃ নিৰ্মল চেতিয়া পৰিয়াল অথবা গাওঁবাসী ৰাইজ । শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভজ্যোতি বৰাৰ নিৰ্দেশত শিমলুগুৰি আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য্য কুমাৰ বৰা, থানাৰ এজন কনিষ্টবল আৰু ভুক্তভূগীৰ জেষ্ঠ ভাতৃ নিৰ্মল চেতিয়া গৈ উপস্থিত হয়গৈ গুজৰাটৰ গান্ধীধান জংচনত । ৬০/৭০ কিঃ মিঃ মান গাড়ীৰে অৱস্থান কৰাৰ পাছত আশ্ৰম নামৰ এটা এন.জি.অ ৰ সহযোগত পুনৰ আকৌ ১০ কিঃ মিঃ মান অৱস্থান কৰি অসম আৰক্ষীয়ে এন.জি.অ ৰ পৰা উদ্ধাৰ কৰিলে জয়ন্ত চেতিয়াক । পৰৱৰ্তী সময়ত গুজৰাটৰ ভোজ আৰু চালিমা জংচন এৰি হাওৰাৰ পৰা হাওৰা ডিব্ৰুগড় এক্সপ্ৰেছ যোগে শিমলুগুৰি জংচনত আহি উপস্থিত হয়হি তেওঁলোক । যাৱতীয় তথ্য সংগ্ৰহ কৰাৰ অন্তত আৰক্ষীয়ে এতিয়া ৮০ শতাংশ সুস্থ অৱস্থাত সু-কলমে চণ্টক বালিগাঁৱৰ সেই ঘৰখনত হেৰাই যোৱা  জয়ন্ত চেতিয়াক চমজাই দি মানৱতাৰ আন এক সুকিয়া পৰিচয় দাঙি ধৰে । পুত্ৰ হেৰাই যোৱা বেদনা পুনৰ বৃদ্ধা পিতৃ-মাতৃৰ মুখলৈ হাঁহিৰ ৰেঙনি আনিলে সূৰ্য্য কুমাৰ বৰাই, সূৰ্য্য কুমাৰ বৰা সকলো আৰক্ষীৰ বাবে হৈ পৰক এক আদৰ্শ স্বৰূপ ।


No comments