Breaking News

ঘগ্ৰাপাৰৰ বিজেপিৰ ১৮০ নং বাঘমাৰা বুথত মন কী বাত অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

 


ডিজিটেল সংবাদ, নলবাৰীঃ 
ঘগ্ৰাপাৰৰ বিজেপিৰ ১৮০ নং বাঘমাৰা বুথত মন কী বাত অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা নলবাৰী:ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ অন্তৰ্গত ১৮০ নং বাঘমাৰা বুথত অনুষ্ঠিত ৯৫ সংখ্যক প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই উপস্থিত থাকি প্ৰধানমন্ত্ৰী মন কী বাত ৰেডিঅ'ৰ জৰিয়তে উপভোগ কৰে।বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক মনোজ ডেকাই আঁত ধৰা অনুষ্ঠানটিত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই উপস্থিত থাকি মন কী বাত উপভোগ কৰাৰ অন্তত ৰাইজৰ উদ্দেশি ভাষণ ৰাখে।অনুষ্ঠানত বড়িগোগ বনভাগ মণ্ডল বিজেপি সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, সম্পাদক তথা পঞ্চায়ত প্ৰভাৰী মৃগেন শৰ্মা,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,শক্তি কেন্দ্ৰৰ আহ্বায়ক পংকজ বেজবৰুৱা,১৮০ নং বাঘমাৰা বুথ বিজেপিৰ সভাপতি পুলেন কলিতাকে ধৰি প্ৰায় তিনি শতাধিক দলীয় কাৰ্যকৰ্তা তথা ৰাইজে অংশগ্ৰহণ কৰে।   

No comments