Breaking News

বিজনীৰ পাকৰীগুৰীত পথ দুৰ্ঘটনা ।


 ডিজিটেল সংবাদ, চিৰাংঃ
বিজনীৰ পাকৰীগুৰীত পথ দুৰ্ঘটনা । অটো আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ । চাৰিজন অটো যাত্ৰী আহত চিৰাঙৰ বিজনীৰ লাক্ৰীগুৰীৰ পাকৰীগুৰীত অটো আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষ । ফলত  লাক্ৰীগুৰীৰ পৰা বিজনী অভিমুখে আহি থকা AS-15C- 6375 নম্বৰৰ  অটো  ৰিক্সা খনৰ  ৪ জনকৈ যাত্ৰী আহত হয় । আহত যাত্ৰী সকল ক্ৰমে লাক্ৰীগুৰী নিৱাসী  হৰি প্ৰসাদ উপাধ্যায়(৩৮), ৰমা দেৱী(৩৫),  জ্ঞানদীপা দেৱী(৩৪) আৰু মাধৱ প্ৰসাদ ঘিমৰে(১১) । ইয়াৰে ৰমা দেৱী গুৰুতৰভাৱে আহত । আহত যাত্ৰী সকলক ততাতৈয়াকৈ ১০৮ সেৱাৰ জৰিয়তে বিজনীৰ ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।

No comments