Breaking News

পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি চৰাইদেউ জিলাৰ মথুৰাপুৰত নামঘৰে- নামঘৰে ন-লগোৱা অনুষ্ঠান


ডিজিটেল সংবাদ, সোণাৰিঃ
 পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি চৰাইদেউ জিলাৰ মথুৰাপুৰত নামঘৰে- নামঘৰে ন-লগোৱা অনুষ্ঠান অসমৰ কৃষি কেন্দ্ৰিক গ্ৰাম্য জীৱনত আঘোণ মানেই প্ৰাপ্তিৰ আনন্দ। চহা গ্ৰাম্য জীৱনলৈ আশাৰ বতৰা লৈ এতিয়া নামি আহিছে আঘোণ। জিৰজিৰ মলয়া বতাহত এতিয়া আঘোণৰ পথাৰত নাচিছে সোণোৱালী বৰণৰ সোণগুটিয়ে। গাঁৱে-ভূঞে এতিয়া দাৱনী সাজু হৈছে সোণালী ৰঙেৰে ৰঙীন হৈ পৰা পথাৰৰ পৰা লখিমীক ঘৰলৈ আদৰিবৰ বাবে। ৰ'দ , বৰষুণ, ধুমুহাকো নেওচি শাওনৰ পথাৰত বোকা- পানী গচকি কৰা পৰিশ্ৰমৰ ফল আজি সোণগুটি হৈ জিলিকিছে পথাৰত। পকা ধানৰ মাজে মাজে সৰু সৰু আলিত শুই পৰিছে জহা, বৰা, সুৱাগমণি আদি কৰি হৰেক প্ৰকাৰৰ ধান। এই আঘোন মাহত ধান কাটি মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ আঘোণ মাহৰ ন দিনৰ দিনা  ন- লগোৱা প্ৰথা উদযাপন কৰাৰ পৰম্পৰা দীৰ্ঘদিন ধৰি প্ৰচলিত হৈ আহিছে চৰাইদেউ জিলাৰ বিভিন্ন গ্ৰামাঞ্চলত। উল্লেখযোগ্য যে, অসমীয়া সমাজ জীৱনৰ এটি পুৰণি পৰম্পৰা হৈছে–"আঘোনৰ ন-খোৱা বা ন-লগোৱা পৰম্পৰা"। চৰাইদেউ জিলাৰ বিভিন্ন গ্ৰামাঞ্চলত অতি পুৰণি কালৰ পৰা প্ৰজন্ম হিচাপত পালন কৰি অহা এই অনুষ্ঠানৰ পৰম্পৰা ৰক্ষা কৰি কালি জিলাখনৰ মথুৰাপুৰ উজনি কোঁৱৰ গাঁৱৰ নামঘৰৰ লগতে অঞ্চলটোৰ দাঁতিকাষৰীয়া বিভিন্ন নামঘৰ সমূহত ন-লগোৱা অনুষ্ঠান ভাগি সুকলমে সম্পন্ন হৈ যায় ৷ এই উপলক্ষত নামঘৰ সমূহত দিনৰ ভাগত গাঁ‌ৱৰ সকলো ৰাইজ সমবেত হৈ মাহ- প্ৰসাদ ,নতুন চাউলৰ পায়স, তামোল- পাণ আদি নৈৱেদ্য হিচাপে আগবঢ়াই কীৰ্তন পাঠ আৰু গুৰুসেৱা কৰি ন-লগোৱা কৰ্মভাগি সুন্দৰকৈ সমূহীয়া ভাৱে পালন কৰে ৷

No comments