Breaking News

ৰাম বিজয় ভাওনাত ভাওৰীয়াৰ চৰিত্ৰত সাংবাদিক


ডিজিটেল সংবাদ, কলিয়াবৰঃ
 ৰাম বিজয় ভাওনাত ভাওৰীয়াৰ চৰিত্ৰত সাংবাদিক সদৌ অসম ভিত্তিত মফছলীয় সাংবাদিক সন্মিলন অনুষ্ঠিত কলিয়াবৰ প্ৰেছ ক্লাবৰ বাতৰিৰ সৈতে ব্যস্ত থকা সাংবাদিকে কলম¸বম এৰি হাতত তুলি ললে গদা¸ধনু¸কুঠাৰ। কলিয়াবৰৰ ভাওনাত ভাওৰীয়াৰ চৰিত্ৰত এইবাৰ সাংবাদিক। শনিবাৰে নিশা কলিয়াবৰ প্ৰেছ ক্লাৱত মঞ্চায়িত হ'ল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত অংকীয়া নাট ‘ৰাম বিজয়’।কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ বৰ্ষজোৰা কাৰ্যসূচীৰ দুদিনীয়া সামৰণি অনুষ্ঠানৰ অংশ হিচাপে মঞ্চস্থ হয় ' ৰাম বিজয় কলিয়াবৰ প্ৰেছ ক্লাবৰ সাংবাদিক আৰু স্থানীয় শিল্পীসকলৰ অভিনয়ৰে মঞ্চস্থ হয় অংকীয়া ভাওনাখন। জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ অস্থায়ী মঞ্চত প্ৰদৰ্শিত হয় ’ৰাম বিজয়’।



No comments