Breaking News

মেৰাপানী আৰক্ষী থানাত এদল শিশু, চেমনীয়া।

 


ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানী আৰক্ষী থানাত এদল শিশু, চেমনীয়া। আৰক্ষীৰ লোক সকলো ব্যস্ত হৈ পৰিছে শিশু সকলৰ সৈতে। ৰং, তুলিকা লৈ ব্যস্ত শিশু সকলকো। উল্লেখ্য যে, লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি মেৰাপানী আৰক্ষীয়ে অনুষ্ঠিত কৰিছে চিত্ৰাংকণ প্ৰতিযোগিতাৰ। মেৰাপানী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল প্ৰকাশ চক্ৰৱৰ্তীৰ উদ্যোগত আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত আয়োজিত এই চিত্ৰাংকণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে অৰ্ধ শতাধিক কণ কণ ছাত্ৰ ছাত্ৰীয়ে। নিজৰ কৰ্তব্য পালনৰ লগতে আৰক্ষীৰ জোৱান সকলে দেওবাৰে শিশু সকলৰ সৈতে মেৰাপানী থানাৰ চৌহদত দেখা গ'ল ব্যতিক্ৰমী ৰূপত। 


No comments