Breaking News

আলফা স্বাধীনক ধন দিয়াৰ অভিযোগত তিনিজনক কাৰাগাৰলৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে।


 ডিজিটেল সংবাদ, সোণাৰিঃ 
আলফা স্বাধীনক ধন দিয়াৰ অভিযোগত তিনিজনক কাৰাগাৰলৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে। নামতোলা আৰক্ষীয়ে অভিযান চলাই শুক্ৰবাৰে আটক কৰা লোককেইজনক নিশাই প্ৰেৰণ কৰিলে কাৰাগাৰলৈ। কাৰাগাৰলৈ প্ৰেৰণ কৰা লোককেইজন হ'ল মনোহৰ ঠাকুৰ, লালবাহাদুৰ ঠাকুৰ আৰু কাদেৰ শ্বাহ। এই আটাইকৈইজনেই হ'ল অসম-নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলৰ প্ৰতিষ্ঠিত ব্যৱসায়ী।জানিব পৰা মতে আলফা স্বাধীনৰ হৈ নামতোলাত ধন দাবী কৰি আটক হোৱা নগা যুৱক টিংমন কন্যাকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল তিনিওজন ব্যৱসায়ীক। পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত সত্য প্ৰমাণিত হোৱাত আটাইকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।


No comments