Breaking News

পশ্চিম নলবাৰী প্ৰেছ ক্লাৱত সমন্বয় পুথিভঁৰালৰ সংবাদমেল ..চতুৰ্দশ বৰ্ষপূৰ্তি উদ্‌যাপনৰ ব্যাপক প্ৰস্তুতি...

 


ডিজিটেল সংবাদ, নলবাৰীঃ পশ্চিম নলবাৰী প্ৰেছ ক্লাৱত সমন্বয় পুথিভঁৰালৰ সংবাদমেল ..চতুৰ্দশ বৰ্ষপূৰ্তি উদ্‌যাপনৰ ব্যাপক প্ৰস্তুতি...বিশিষ্ট সংগীত শিল্পী উমেশ দত্তলৈ ৰাজহুৱা সম্বৰ্ধনা ..নলবাৰী জিলাৰ অন্যতম প্ৰধান গ্ৰাম্য পুথিভঁৰাল, বিহামপুৰৰ “সমন্বয় পুথিভঁৰাল”ৰ চতুৰ্দশ বৰ্ষপূৰ্তি অহা ১০ আৰু ১১ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে ৷ পশ্চিম নলবাৰীৰ বৌদ্ধিক বিকাশত এক বলিষ্ঠ ভূমিকা পালন কৰি অহা সমন্বয় পুথিভঁৰালৰ চতুৰ্দশ বৰ্ষপূৰ্তি উদ্‌যাপনৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰিবলৈ শনিবাৰে সন্ধিয়া সমন্বয় পুথিভঁৰালৰ কৰ্মকৰ্তাসকলে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱত সংগীত নাটক একাডেমি বটাঁ প্ৰাপক মোহন ভাইৰা সোঁৱৰণী কাৰ্যালয় গৃহত এখন সংবাদমেলৰ আয়োজন কৰে ৷ এই সংবাদমেলত সমন্বয় পুথিভঁৰালৰ কাৰ্যকৰী সভাপতি নুৰুল ইছলাম, সম্পাদক আবেদুৰ ৰহমান, সমন্বয়ক কিশোৰ চক্ৰৱৰ্তী, উদীয়মান কবি তথা সমন্বয় পুথিভঁৰালৰ সহ ঃ সম্পাদক জমিৰউদ্দীন আহমেদ, অন্যতম কৰ্মী চাহিদুল ইছলাম আৰু চৰিফুদ্দিন আহমেদ উপস্থিত থাকি সমন্বয় পুথিভঁৰালৰ চতুৰ্দশ বৰ্ষপূৰ্তি উদযাপনৰ প্ৰস্তুতি সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰে ৷ সমন্বয় পুথিভঁৰালৰ সম্পাদক আবেদুৰ ৰহমানে জনায় যে এইবাৰ পুথিভঁৰালটোৰ চতুৰ্দশ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বিশিষ্ট সংগীত শিল্পী, গীতিকাৰ, সুৰকাৰ তথা শিল্পী পেঞ্চনাৰ উমেশ দত্তক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হ’ব ৷আগন্তুক ১০ ডিচেম্বৰৰ ৰাতিপুৱা ১০ বজাত বিশিষ্ট সংগীত শিল্পীগৰাকীক নিজ বাসভৱনৰপৰা সমন্বয় পুথিভঁৰাললৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি আনি ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হ’ব ৷ এই কাৰ্যসূচীত আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত শিল্পী তৰালী শৰ্মা, বিশিষ্ট চিন্তাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অৱণী কুমাৰ ভাগৱতী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত যুটীয়া পঞ্জীয়ক ড° ৰমণী বৰ্মন উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে।                    

No comments