Breaking News

মেৰাপানীৰ চাউদাং পথাৰ মেৰাচুকত অনুস্থিত হৈছে স্বাস্থ্য মেলা।


ডিজিটেল সংবাদ, মেৰাপানীঃ 
মেৰাপানীত আত্ম সহায়ক গোটৰ প্ৰশংসনীয় পদক্ষেপ।  মেৰাপানীৰ চাউদাং পথাৰ মেৰাচুকত অনুস্থিত হৈছে স্বাস্থ্য মেলা।গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, মেৰাপানী সমূহীক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত একতা আৰু লেচেৰি আত্ম সহায়ক গোটৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে চাউদাংপথাৰ মেৰাচুকত অনুস্থিত হৈছে এই স্বাস্থ্য মেলা। উক্ত অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলাৰ যুটীয়া সঞ্চালক, উপ অধীক্ষক ডঃ পুলিন ভৰালী, মেৰাপানী চিকিৎসালয়  অধীক্ষক ডঃ চন্দ্ৰা চিয়ামৰ লগতে কেইবাটাও  বিভাগৰ চিকিৎসক, নাৰ্ছ , ANM , আশা কৰ্মীকে ধৰি বিভিন্ন বিভাগৰ স্বাস্থ্য কৰ্মীসকল  উপস্থিত থাকে ।

No comments