Breaking News

নলবাৰীতো পৌৰসভাৰ কৰ্মচাৰীৰ এদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি


 ডিজিটেল সংবাদ, নলবাৰীঃ 
নলবাৰীতো পৌৰসভাৰ কৰ্মচাৰীৰ এদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি ৰাজ্যৰ পৌৰকৰ্মচাৰী সকলৰ মাহ মাহ ধৰি অনাদায় দৰমহা আদায়ৰ লগতে ভিন্ন সমস্যা সমাধানৰ দাবীৰে সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাই আজি ৰাজ্যজুৰি এদিনীয়া সৰ্বাত্মক কৰ্মবিৰতিৰ আহ্বান জনাইছিল। সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই ৰাজ্যৰ লগতে নলবাৰীতো সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থা নলবাৰী শাখাৰ উদ্যোগত ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি পালন কৰা দেখা হ'ল

No comments