Breaking News

শনিবাৰে নিশা শিৱসাগৰৰ আমগুৰি বৰবামত লোহাৰে মূৰত মৰিয়াই হত্যাৰ অপচেষ্টা বাজাজ ফাইনেন্সৰ কৰ্মচাৰী স্বপ্নীল শইকীয়াৰ মূৰত ছটা ছিলাই, হাত আৰু ভৰিত গুৰুত্বৰ ভাৱে আঘাটপ্ৰাপ্ত হয়

 


ডিজিটেল সংবাদ, শিৱসাগৰঃ শনিবাৰে নিশা শিৱসাগৰৰ আমগুৰি বৰবামত লোহাৰে মূৰত মৰিয়াই হত্যাৰ অপচেষ্টা বাজাজ ফাইনেন্সৰ কৰ্মচাৰী স্বপ্নীল শইকীয়াৰ মূৰত ছটা ছিলাই, হাত আৰু ভৰিত গুৰুত্বৰ ভাৱে আঘাটপ্ৰাপ্ত হয় ...থানাত এজাহাৰ দাখিল..আমগুৰিত বাজাজ ফাইনেন্সৰ কৰ্মচাৰীক হত্যাৰ অপচেষ্টা । শিৱসাগৰৰ আমগুৰি বৰবামত লোহাৰে মূৰত মৰিয়াই হত্যাৰ অপচেষ্টা কৰে বাজাজ ফাইনেন্সৰ কৰ্মচাৰীক । চন্দন লাহন নামৰ যুৱকজনৰ বিৰুদ্ধে এই অভিযুগ আনিছে স্বপ্নীল শইকীয়াই । স্বপ্নীল শইকীয়াই মূৰত ছটা ছিলাই, হাত আৰু ভৰিত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে । আমগুৰি বৰবামত সংঘটিত হৈছে এই জঘন্য কাণ্ড । যাক লৈ অঞ্চলজুৰি উত্তেজনা অব্যাহত আছে । ইতিমধ্যে বাজাজ ফাইনেন্সৰ কৰ্মচাৰী স্বপ্নীল শইকীয়াই আমগুৰি থানাত এখন এজাহাৰ দাখিল কৰিছে । আচলতে কি কাৰণত বাজাজ ফাইনেন্সৰ কৰ্মচাৰীজনক হত্যাৰ অপচেষ্টা কৰিছিল এতিয়াও জনা হোৱা নাই । যদিও ব্যৱসায়িক সংঘাতৰ কাৰণে এনে ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে । আৰক্ষীৰ তদন্তৰ পাছতহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ সম্ভৱনা আছে ।


No comments