Breaking News

মক্ৰঙত পঞ্চায়তত আদৰ্শ অংগনবাদী কেন্দ্ৰ মুকলি বিত্তমন্ত্ৰী অজন্তা নেওগৰঃ

 

 ডিজিটেল সংবাদ, ফৰকাটিং ..... গোলাঘাট বিধানসভাৰ সমষ্টিৰ তথা পূৱ গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ  অন্তৰ্গত পঞ্চমটো আদৰ্শ কেন্দ্ৰ মক্ৰং পঞ্চায়তৰ মক্ৰং ২নং শান্তিপুৰ আদৰ্শ কেন্দ্ৰ আজি ফিটা কাটি আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে অসম চৰকাৰ বিত্ত তথা মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী  অজন্তা নেওগে ৷ তাৰ পিছতে উক্ত উদ্ধোধনী অনুষ্ঠানটিৰ লগত সংগতি  ৰাখি এখনি সভা অনুষ্ঠিত কৰা হয়। সভাখনিৰ আঁত ধৰে পদুমণি উন্নয়ন খণ্ডৰ খণ্ড বিষয়া ৰামচন্দ্ৰ দেউৰীয়ে। সভাত মন্ত্ৰী অজন্তা নেওগে বাগিছাৰ শিশু সকলৰ স্বাস্থ্য  আৰু শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ  কোৱাৰ লগতে খাদ্যৰ ওপৰত গুৰুত্ব সহকাৰে লৈ স্থানীভাৱে পোৱা ফল মূল খাবলৈ আহ্বান জনায়। আমাৰ চৰকাৰে বাগিছা ৰাইজৰ স্বাস্থ্য আৰু শিক্ষাৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।সেই অনুসৰি ময়ো মোৰ সমষ্টিৰ লগতে  অসমৰ উন্নয়নে হকে কাম কৰি আছো।


বৰ্তমান গোলাঘাট সমষ্টিত ছটা আদৰ্শ কেন্দ্ৰৰ ভিতৰত পাঁছটা বৰ্তমানলৈকে নিমাৰ্ণ কৰি আনুষ্ঠানিক ভাৱে মুকলি কৰা হৈছে প্ৰথম পয্যায়ৰ আৰু এটা কেন্দ্ৰ নিমাৰ্ণ কৰিবলৈ বাকী আছে বুলি কয়। পৰবৰ্তী পয্যায়ত আৰু বাকী কেন্দ্ৰ সমূহ আৰ্দশ কেন্দ্ৰলৈ উন্নত কৰণ কৰা হব বুলি জানিবলৈ দিয়ে ।কাৰণ ইয়াৰ পৰা কণ কণ শিশুসকলৰ ভৱিষৎত গঢ়িবৰ বাবে আগবাঢ়ি যাব। বাগিছা লোক সকলে ভালদৰে স্বাস্থ্যৰ প্ৰতি আৰু শিক্ষা প্ৰতি গুৰুত্ব দি আগবাঢ়ি যাবলৈ আহ্বান জনায়। সভাত  পঞ্চায়তৰ বিষয়বব্বীয়া, পূৱ গোলাঘাট  সংহত শিশু উন্নয়ন প্ৰকল্পৰ ভাৰপ্ৰাপ্ত বিষয়া চেমিম হক, মুখ্য সেৱিকা জোতিময়ী সোনোৱাল, মুখ্য সেৱিকা নয়নিকা চৌধুৰী, মুখ্য সেৱিকা ৰঞ্জুমণি শইকীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

No comments