Breaking News

মেৰাপানী সীমান্তত ডেংগুৰ আতংক।


ডিজিটেল সংবাদ, মেৰাপানীঃ 
মেৰাপানী সীমান্তত ডেংগুৰ আতংক।  ডেংগুত আক্ৰান্ত এগৰাকী মহিলা।মহিলা গৰাকী কিছুদিন ধৰি জ্বৰত আৰু মুৰৰ বিষত ভুগি আছিল। পৰিয়ালৰ লোকে  গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পাছত গোলাঘাটৰ চিকিৎসক মুকুল শৰ্মাই কিডনি বিকল বুলি কৈ ডাইলেচিছ কৰিব বাবে ডিব্ৰুগড় প্ৰেৰণ কৰে। শেষত যোৱা কালি ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা মেৰাপানী অসামৰিক চিকিৎসালয়লৈ ডেংগু পজিতিভ ৰিপ'ৰ্ট অহাত চিকিৎসাকে ঘৰত জনোৱাতহে ঘৰৰ লোকে জানিব পাৰে। মেৰাপানীৰ পঞ্চৱতী গাওঁৰ মহিলা গৰাকীৰ নাম টুনটুন দাস । বৰ্তমান নিজ গৃহতে  চিকিৎসা কৰি আছে। গাঁৱৰ স্হানীয় লোকৰ এটাই অনুৰুধ অসম চৰকাৰৰ প্ৰতি অতি সোনকালেই আঠুৱা দৰৱৰ লগতে যাৱতীয় ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

No comments