Breaking News

নুমলীগড়ৰ মৰঙিৰ বৃহৎ শালিধানৰ পথাৰত বন্যহস্তীৰ তাণ্ডৱ।

 


ডিজিটেল সংবাদ, নুমলীগডঃ নুমলীগড়ৰ মৰঙিৰ বৃহৎ শালিধানৰ পথাৰত বন্যহস্তীৰ তাণ্ডৱ। বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱত ত্ৰাহি মধুসুদন সুৱঁৰিছে কৃষকে ৷ শুকুৰবাৰে উৰে নিশা মৰঙিৰ দৈগ্ৰোং, পংকিয়াল, পাটকটীয়া তেলীয়া গাওঁ, ধলাকছাৰীকে আদি কৰি কেইবাখনো গাৱঁৰ ধাননি পথাৰ তহিলং কৰাৰ পিছত ক্ষোভিত হৈ পৰিছে কৃষক ৰাইজ ৷ দৈনিক বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই শতাধিক এটা হাতীৰ জাকে নিদ্ৰা হৰিছে ৷ বৰ্তমান ধলাগুৰী চাহ বাগিছাত  আশ্ৰয় গ্ৰহণ কৰি হাতীৰ জাকটোৱে একপ্ৰকাৰ আতংকিত কৰি তুলিছে অঞ্চলবাসীক ৷ বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাইয়ো অধিক চিন্তিত কৰিছে মৰঙিবাসী ৰাইজক ৷ বনাঞ্চল সংকোচিত হোৱা আৰু হাতীৰ জনাঞ্চলত বিচৰণৰ বাবে একমাত্ৰ গোলাঘাটৰ বন বিভাগেই দায়ী বুলি ক্ষোভ ব্যক্ত কৰিছে ৰাইজে ৷ শীঘ্ৰেই নামবৰ - দৈগ্ৰোং অভয়াৰণ্যৰ বেদখল উচ্ছেদ কৰি হাতীৰ উপযুক্ত বাসস্থান সংৰক্ষণ কৰি কৃষক ৰাইজক সকাহ দিবৰ বাবে চৰকাৰক দাবী জনোৱাৰ লগতে গোলাঘাট বন বিভাগক সক্ৰিয় আৰু কৰ্মদক্ষ কৰিবৰ বাবে আহ্বান জনাইছে ৷

No comments