Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~নৱম খণ্ড


                                                              

                                                                   


                                                                                                                      মালবিকা শৰ্মা, ভুবনেশ্বৰ

   অষ্টিঅ’আৰ্থাইটিছ(Osteoarthritis) হৈছে এক ধৰনৰ অৱক্ষয়ী গাঁঠিৰ ৰোগ। হাড়ৰ মূৰত থকা নমনীয় কলাবোৰ ক্ষয় হৈ এই প্ৰকাৰৰ বাতবিষৰ সৃষ্টি হয়। এই ৰোগত হাড়ৰ মূৰত থকা সুৰক্ষা কলাৰ (কাৰ্টিলেজ) ক্ষয়-ক্ষতি ক্ৰমান্বয়ে ঘটে আৰু সময়ৰ লগে লগে বেয়া হৈ পৰে। ভাৰতবৰ্ষত বছৰি এক কোটিতকৈ অধিক ৰোগী এই ৰোগত আক্ৰান্ত হয়। চিকিৎসাই সহায় কৰিব পাৰে, কিন্তু এই ৰোগ সম্পূৰ্ণকৈ ভাল হ’ব নোৱাৰে। শৰীৰৰ যত্ন, চিকিৎসাৰ ঔষধ, ফিজিঅ’থেৰাপি আৰু কেতিয়াবা অস্ত্ৰোপ্ৰচাৰে বিষ কমোৱাত সহায় কৰিব পাৰে আৰু গাঁঠিৰ গতি বজাই ৰাখিব পাৰে। এই ৰোগ দীৰ্ঘদিনীয়া, বছৰ বছৰ ধৰি থাকিব পাৰে বা আজীৱনো হ’ব পাৰে।                                                    

কেইবা বছৰৰ পৰাই মই এই ৰোগত আক্ৰান্ত হৈ আছো, বেছিকৈ খোজ কাঢ়িলে অসুবিধা অনুভৱ কৰোঁ। বহুত ঔষধ খালো যদিও একো লাভ হোৱা নাই।  মণিপালৰ চিকিৎসা বিজ্ঞান বহুত উন্নত বুলি শুনি আহিছোঁ।  এদিন গ’লো অৰ্থপেডিক ডাক্টৰৰ ওচৰলৈ, ইয়াৰ বিখ্যাত কস্তুৰবা মেডিকেল কলেজলৈ। মণিপালৰ কস্তুৰবা মেডিকেল কলেজ আৰু মাংগালুৰৰ কস্তুৰবা মেডিকেল কলেজ দুখন একেলগে কেএমচি নামেৰে জনাজাত। ভাৰতৰ উপকূলীয় কৰ্ণাটকত ১৯৫৩ চনত স্থাপিত এই দুখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়।  মহাবিদ্যালয়সমূহ একক ইউনিট হিচাপে প্ৰতিষ্ঠা কৰি পিছলৈ দুখন মহাবিদ্যালয়লৈ পৰিণত হয়। কে এম চি আছিল ভাৰতৰ প্ৰথমখন স্ব-বিত্তীয় চিকিৎসা মহাবিদ্যালয়। বৰ পৰিপাটি আৰু পৰিষ্কাৰ ইয়াৰে ঠাইবোৰ। হস্পিটালখনো বহুত ডাঙৰ। বহিবৰ বাবে সকলোপিনে ব্যৱস্থা কৰা আছে। নাম ৰেজিষ্টাৰ কৰি লৈ কি বিভাগৰ ডাক্টৰক দেখাব খুজিছো জনালে কিমান নম্বৰ ৰুমত যাব লাগিব কৈ দিয়ে। সেই মতেই ডাক্টৰ দেখালোঁ, তেওঁৰ পৰামৰ্শ অনুসৰি এক্সৰে কৰিলোঁ। ৰিপোৰ্টত কি ওলাব  জানিছিলোয়ে। এমাহৰ বাবে মেডিচিন লৈ আহিলো আৰু লগতে শিকি আহিলো ফিজিওথেৰাপিষ্টে দেখাই দিয়া শাৰীৰিক ব্যায়ামবোৰ। চাওচোন, মনত এটা আশা, কিজানিবা অত বছৰে সহি অহা বিষ কষ্টবোৰ কিছু কমি যায়।

     এই ৰবিবাৰে চহৰখনৰ ওচৰে পাজৰে কি আছে চাবলৈ ওলাই গৈছিলোঁ। প্ৰকৃতিপ্ৰেমী সকলে প্ৰথম দৰ্শনতে এই ঠাইখনৰ প্ৰেমত পৰিব নিশ্চয়।  মণিপালখন সৰু এখন চহৰ, চাৰিওপিনে গছ-গছনিৰে ভৰা। প্ৰাকৃতিকভাৱে চহকী এই চহৰখনক কেতিয়াবা অসমৰ ঠাইবোৰৰ দৰেই লাগে। মাথো পাৰ্থক্যটো হৈছে ইয়াৰ ৰাস্তা-ঘাট উন্নত, চাফ-চিকুন যিটো অসমত দেখা নাযায়। মানুহবোৰ অতি ধাৰ্মিক হোৱা হেতুকে চাৰিওপিনে বহুত মঠ-মন্দিৰ আছে। মন্দিৰৰ লগতে ইয়াত বেছ ধুনীয়া কেইবাটাও গীৰ্জাঘৰ আৰু মছজিদো আছে। আমি থকা ভাৰা ঘৰটোৰপৰা খোজ কাঢ়িব পৰা দূৰত্বত এটা সুন্দৰ হ্ৰদ আছে।

    সিদিনাখন চাবলৈ যাওতে বৰকৈ আকৰ্ষিত হ’লো Hanging Bridge বা ওলমি থকা দলঙখন দেখি। মণিপাল চহৰখনৰপৰা ৭.৫ কিলোমিটাৰ দূৰত্বত, উড়ুপি চহৰৰ ওচৰত অৱস্থিত কেমমানু ওলমি থকা দলঙখন উডুপিৰ এক লুকাই থকা পৰ্যটনস্থলী।  প্ৰথমে স্বৰ্ণ নদীৰ দুয়োপাৰ সংযোগ কৰিবলৈ নিৰ্মাণ কৰা এই দলঙখন এতিয়া কেইবাটাও দুঃসাহসিক ক্ৰীড়াৰ স্থানত পৰিণত হৈছে। নদীত নাওঁ চলোৱাৰ সুবিধা আছে। ফলত পৰ্য্যটকে নাওঁত বহি দলঙখনৰ দুয়োপিনে ফুৰাৰ লগতে ইয়াৰ নাৰিকল গছেৰে ভৰ্তি হৈ থকা প্ৰান্তৰৰ সুন্দৰ দৃশ্যপট উপভোগ কৰিব পাৰে। দলঙখনৰ দুয়ো পাৰত বহাৰ সুবিধা আছে আৰু সৰু সৰু দোকানত পৰ্য্যটকৰ বাবে জলপান কিনি খোৱাৰ সুবিধা আছে। আমি ৰবিবাৰে, বন্ধৰ দিনত গৈছিলো বাবে বেছ কিছু সংখ্যক ছাত্ৰ-ছাত্ৰিক লগ পালোঁ।

(আগলৈ)

No comments