Breaking News

গোলাঘাটৰ পুলিবৰ আদশ বিদ্যাপীঠত মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্ম জয়ন্তীৰ লাচিত দিৱস"ৰ সামৰণি অনুষ্ঠান.

 

ডিজিটেল সংবাদ,পদুমণি... গোলাঘাটৰ পুলিবৰ আদশ বিদ্যাপীঠত মহাবীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্ম জয়ন্তীৰ লাচিত দিৱস"ৰ  সামৰণি অনুষ্ঠান.. অসমী আইৰ সুযোগ্য সন্তান সাহসী, পৰম পৰাক্ৰমী  নৰিয়া দেহাৰে মোগলক শৰাইঘাটৰ ৰণত পৰাস্ত কৰি অসমী আইক  ৰক্ষা কৰি যুগলৈ খ্যাতি অৰ্জন কৰা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীআজি  গোলাঘাটৰ পুলিবৰ আদশ বিদ্যাপীঠত সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় । সেই উদ্দেশ্যে পুলিবৰ আদশ বিদ্যাপীঠৰ উদ্যোগত পদুমণি প্ৰাথমিক বিদ্যালয়, পূ্ব বগৰীজেঙ প্ৰাথমিক বিদ্যালয়,কচুগাঁৱ প্ৰাথমিক বিদ্যালয়, ভগাগাওঁ প্ৰাথমিক বিদ্যালয়কে আদি কৰি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত  পুৱা  ছাত্ৰ-ছাত্ৰীসকলৰ এক  বণাঢ্য বিশাল শোভাযাত্ৰা উলিওৱা হয় ।  পুলিবৰ আদশ বিদ্যাপীঠৰ শিক্ষক-শিক্ষয়িত্রী তথা  বিভিন্ন বিদ্যালয়ৰ অভিভাৱক সকলক লৈ উলিওৱা এই শোভাযাত্ৰা গোলাঘাটৰ  নগৰৰ  পৰা উভতি আহি বিদ্যালয়ত সামৰণি পৰিল  ।             

No comments