Breaking News

নুমলীগড়ৰ মৰঙি মৌজাত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

 


ডিজিটেল সংবাদ, নুমলীগডঃ নুমলীগড়ৰ মৰঙি মৌজাত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস। কৃষকৰ কষ্টৰ ফচল তহিলং । পাৰ কৰিছে  বিনিদ্ৰ ৰজনী ।নুমলীগড়ৰ মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। বৃহৎ হাতীৰ জাকে মষিমূৰ কৰিছে খেতি পথাৰ । নিতৌ এখন গাঁৱৰ পৰা আন এখন গাৱলৈ ঢাপলি মেলিছে হাতীৰ জাকে । খাদ্যৰ সন্ধানত জনাঞ্চলত দিনে নিশাই বিচৰন কৰিছে হাতীৰ জাকে । বনাঞ্চল সংকুচিত হোৱাৰ ফলত জনাঞ্চলত হাতীয়ে চলাইছে সন্ত্ৰাস।‌যাৰ ফলত কৃষক ৰাইজ এতিয়া বিপদত পৰিছে। মৰঙিৰ তেলিয়াপথাৰ,ঢলাপথাৰ,মিৰিপথাৰৰ লগতে বৃহৎ অঞ্চলত নিতৌ হাতীৰ জাকৰ বিচৰণক লৈ সংকিত  জনতা । উৰে নিশা হাতীৰ বাবেই পাৰ কৰিব লগা হৈছে বিনিদ্ৰ ৰজনী।

No comments