Breaking News

নলবাৰীৰ বৰখালাত হেঙুল থিয়েটাৰ মঞ্চত কৃতী ছাত্ৰী আৰু বিভিন্ন থিতানত পাৰদৰ্শিতা দেখুৱা যুৱক যুৱতীক সম্বৰ্ধনা

 

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ বৰখালাত হেঙুল থিয়েটাৰ মঞ্চত কৃতী ছাত্ৰী আৰু বিভিন্ন থিতানত পাৰদৰ্শিতা দেখুৱা যুৱক যুৱতীক সম্বৰ্ধনা।নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজচক্ৰৰ অন্তৰ্গত বৰখালা যুৱ সমাজে শিৱমন্দিৰৰ সাহায্যাৰ্থে আমন্ত্ৰণ জনোৱা আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰ হেঙুল থিয়েটাৰৰ নাট মঞ্চস্থ, লোকে লোকাৰণ্য পৰিৱেশ বৰখালা খেলপথাৰ।হেঙুল থিয়েটাৰৰ গোন্ধ নাটখন আৰম্ভণিৰ আগতে মঞ্চ উদ্বোধন কৰে, পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যাপক মনোৰঞ্জন বৰুৱাই। উদ্বোধনী অনুষ্ঠানত অইন বেলিৰ দৰে এইবেলিও বৰখালা যুৱ সমাজে  কৃতী ছাত্ৰী আৰু বিভিন্ন থিতানত পাৰদৰ্শিতা দেখুৱা যুৱক যুৱতীক সম্বৰ্ধনা জনায়।অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত নাৰ্চৰ ষ্টাফ নাৰ্চ হিচাপে নিযুক্তি লাভ কৰা কৃতি ছাত্ৰী তথা বৰখালাৰ দীজেন চন্দ্ৰ দাস আৰু মাতৃ অনিতা বৰাৰ কন্যা  পল্লৱী দাসৰ লগতে বৰখালা অঞ্চলৰ কৃতী ছাত্ৰী সকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে বিশেষ ভাৱে সম্বৰ্ধনা আৰু মান পত্ৰৰে সম্বৰ্ধনা জনায়।


No comments