Breaking News

গুজৰাট নিৰ্বাচনৰ বাবে আপৰ মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী ঘোষণা



নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে গুজৰাটত  পূৰ্ণ উদ্যমেৰে সাজু হৈছে আম আদমী পাৰ্টী। ইতিমধ্যো দলটোৱে গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলটোৱে ভগৱন্ত মানক পঞ্জাবত মুখ্যমন্ত্ৰী পদৰ বাবে যিধৰণেৰে এক জৰীপৰ জৰিয়তে প্ৰাৰ্থী বাচনি কৰিছিল ঠিক সেই পদ্ধতিৰে গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বাছনি কৰি নাম ঘোষণা কৰিছে। 

আপৰ এক জৰীপত প্ৰাক্তন সাংবাদিক আৰু টিভি এংকৰ ইচুদান গাধৱীক পৰৱৰ্তী গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰূপে বাছনি কৰায়। গাধৱীয়ে ৭৩ শতাংশ ভোট লাভ কৰে৷  সেই সন্দৰ্ভত আপে এটা ফোন নম্বৰ মুকলি কৰিছিল, য’ত গুজৰাটৰ জনসাধাৰণক তেওঁলোকৰ পচন্দৰ নাম বাচনি কৰিবলৈ কোৱা হৈছিল৷

উল্লেখ্য যে গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত ভোটদান অনুষ্ঠিত হ’ব আৰু ফলাফল ৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব।

No comments