Breaking News

ভক্স পপুলীৰ উদ্যোগত গোলাঘাট গ্ৰন্থমেলাৰ ব্যাপক প্ৰস্তুতি ..১৮ নৱেম্বৰৰ পৰা দহ দিনীয়াকৈ অনুষ্ঠিত হ’ব গ্ৰন্থমেলা

 


ডিজিটেল ডেস্কঃ ভক্স পপুলীৰ উদ্যোগত গোলাঘাট গ্ৰন্থমেলাৰ ব্যাপক প্ৰস্তুতি...১৮ নৱেম্বৰৰ পৰা দহ দিনীয়াকৈ অনুষ্ঠিত হ’ব সমন্বয় ক্ষেত্ৰত....জনপ্ৰিয় ৰহস্য সাহিত্যক ৰঞ্জু হাজৰিকাই কৰিব উদ্বোধন....অগ্ৰণী বেচৰকাৰী সংগঠন ভক্স পপুলীৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসন তথা বিভিন্ন দল-সংগঠনৰ সহযোগত অহা ১৮ নৱেম্বৰৰ পৰা গোলাঘাট সমন্বয় ক্ষেত্ৰত দহ দিনীয়াকৈ অনুষ্ঠিত হ’ব ষষ্ঠ দ্বি-বাৰ্ষিক ‘গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা- ২০২২’৷ আজি সমন্বয় ক্ষেত্ৰত আয়োজন কৰা এক সংবাদমেলত গ্ৰন্থমেলাৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰে আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক দেৱজিৎ ফুকনে৷ ১৮ নৱেম্বৰৰ বিয়লি ২ বজাত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকিব সাতশখনৰো অধিক গ্ৰন্থৰ প্ৰণেতা জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকা৷ কৃষিমন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া সভাত সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, নুমলীগড় শোধনাগাৰ প্ৰকল্পৰ মহাপ্ৰবন্ধক ড॰ কাজল শইকীয়া আদি উপস্থিত থাকিব৷ ১৯ নৱেম্বৰত পুৱা সদৌ অসম ভিত্তিত বিতুল শৰ্মা সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতে এই প্ৰতিযোগিতা উদ্বোধন কৰিব৷ আনহাতে সন্ধ্যা ওমলা চ’ৰাৰ সৌজন্যত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব দেৱজিৎ বৰাই৷ ২০ নৱেম্বৰত গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ভিত্তিত আয়োজন হ’ব চিত্ৰাংকন প্ৰতিযোগিতা৷ বিশিষ্ট সাহিত্যিক দিলীপ কুমাৰ শৰ্মাই এই প্ৰতিযোগিতা উদ্বোধন কৰিব৷ সেইদিনাই দুপৰীয়া ৰ বজাত ‘সপোনৰ পৰিধি’ শীৰ্ষক এখ ব্যতিক্ৰমী অনুষ্ঠানো আয়োজন কৰা হৈছে৷ দিনৰ ২ বজাৰ পৰা অনুষ্ঠিত হ’ব পাঞ্চজন্য কলাকেন্দ্ৰৰ উদ্যোগত ড॰ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত সৃজনীশীল নৃত্য প্ৰতিযোগিতা৷ সন্ধ্যালৈ বহুকেইজন নবীন সাহিত্যিকৰে এক অন্তৰংগ আলাপৰো আয়োজন কৰা হৈছে৷ ২১ নৱেম্বৰত বীণাপানি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সদৌ অসম দিহানাম প্ৰতিযোগিতা আৰু উজনি অসম মুছলিম কল্যাণ পৰিষদৰ উদ্যোগত সাধুকোৱা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ ২২ নৱেম্বৰত ছাত্ৰ-ছাত্ৰীসকলক লৈ এক গ্ৰন্থ সমদলৰ আয়োজন কৰা হৈছে৷ নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে আয়োজন কৰা গ্ৰন্থ সমদল উদ্বোধন কৰিব গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি. উদয় প্ৰবীণে৷ সেইদিনা ২ বজাৰ পৰা নৱৰংগ সংঘৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু শৈক্ষিক বিকাশৰ উদ্দেশ্যে এক প্ৰেৰণাদায়ক বক্তৃতা প্ৰদান কৰিব ড॰ সৌমিত্ৰ পূজাৰীয়ে৷ বিয়লিলৈ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত চিঠি লিখা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ সন্ধ্যা ঝুমকা কলাকেন্দ্ৰৰ সত্ৰীয়া নৃত্যৰ অনুষ্ঠান আৰু সৰ্বানন্দ চলিহা সংগীত মহাবিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক আৰু শৈক্ষিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনাই আয়োজক সমিতিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ২৩ নৱেম্বৰত গোলাঘাট জিলা হাইস্কুল শিক্ষক সংস্থাৰ উদ্যোগত আৰু যোৰহাট তাৰকা গৃহৰ সহযোগত ‘জ্ঞান-বিজ্ঞান যাত্ৰা’ শীৰ্ষক এক বিজ্ঞান প্ৰদৰ্শনী আয়োজন কৰা হৈছে৷ গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড॰ সমীৰণ বৰাই উদ্বোধন কৰিবলগীয়া অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী ড॰ প্ৰণৱজ্যোতি চেতিয়া আৰু ড॰ নৃপেন বৰুৱা উপস্থিত থাকিব৷ সেইদিনা নিশালৈ ছাত্ৰ-ছাত্ৰীসকলৰ মহাকাশ দৰ্শনৰ বাবে অতি শক্তিশালী দূৰবীণৰো ব্যৱস্থা কৰা হৈছে৷ ২৩ নৱেম্বৰতে গোলাঘাট বাণিজ্য মহাবিদ্যালয় চলচ্ছিত্ৰ সমাজ আৰু অসমীয়া বিভাগৰ উদ্যোগত, অসম চলচ্ছিত্ৰ সমাজৰ সহযোগত চলচ্ছিত্ৰীয় আলাপ শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠানৰো আয়োজন কৰা হৈছে৷ নিশালৈ প্ৰবীণ শিল্পী মঞ্চৰ শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিব৷ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে ২৪ নৱেম্বৰত জনগোষ্ঠীয় সমন্বয় মঞ্চ, গোলাঘাট আৰু গোলাঘাট জিলা সন্মিলিত মটৰ পৰিবহণ সন্থাৰ যৌথ  উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বীৰগৰাকীক স্মৰণ কৰা হ’ব৷ সেইদিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা, আলোচনাচক্ৰ আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ’ব৷ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিþ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব৷ অন্যহাতে নিশালৈ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসে গীত পৰিৱেশন কৰিব৷ ২৫ নৱেম্বৰত কবিচক্ৰৰ কাব্যানুষ্ঠানৰ লগতে জাংচিফা সাংস্কৃতিক গোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷ সেইদিনা নিশালৈ জনপ্ৰিয় গায়ক আচুৰ্য বৰপাত্ৰই গীত পৰিৱেশন কৰিব৷ চ্ছ নৱেম্বৰত গোলাঘাট জিলা কবি সন্মিলনৰ উদ্যোগত হিমসৰা হেমন্তৰ ৰ’দময় কবিতাৰ বা শীৰ্ষক এক কাব্যানুষ্ঠানত ভাগ ল’ব বিশিষ্ট কবি সমীৰ তাঁতি, নীলিম কুমা, ৰফিকুল হুছেইন আদিয়ে৷ ২৭ নৱেম্বৰত গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ আনহাতে সামৰণী অনুষ্ঠানত অসমৰ বহুকেইগৰাকী বিশিষ্ট সাহিত্যিকে অংশ লোৱাৰ উপৰিও কণ্ঠশিল্পী নীল আকাশে গীত পৰিৱেশন কৰিব৷ গোলাঘাটৰ বিভিন্ন দল-সংগঠনৰ সহযোগত আয়োজন কৰা গ্ৰন্থমেলাত কলকাতা, দিল্লী, বাংগালোৰ, লুধিয়ানা আদিৰ গ্ৰন্থ বিপণীয়ে অংশ ল’ব৷ অন্যহাতে ২২ নৱেম্বৰৰ ঝুমকা কলাকেন্দ্ৰৰ সত্ৰীয়া নৃত্যৰ অনুষ্ঠানত বাংলাদেশ আৰু কলকাতাৰ শিল্পীয়ে সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব৷ আজিৰ সংবাদমেলত আয়োজক সমিতিৰ যুটীয়া সম্পাদক কৌস্তুভমণি হাজৰিকা, পাৰ্থজ্যোতি বৰা, ঋতুপল্লৱ শইকীয়া, যদুমণি গগৈ, অংশুমান বৰুৱা, উপ-পৌৰপতি সীমান্ত বৰা, অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি পৰীক্ষিত দত্ত, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ বিষয়ববীয়া ৰক্তিম ঠাকুৰীয়া আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে৷

No comments