Breaking News

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ সমষ্টিতৰ খণ্ড উন্নয়ণ বিষয়াৰ প্ৰাংগনত ৬৯ তম্ নিখিল ভাৰত সমবায় সপ্তাহযোৰা কাৰ্যসূচীৰে উদযাপনৰ বাবে যো-জা কৰা হৈছে

 


ডিজিটেল ডেস্কঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ সমষ্টিত ৰ খণ্ড উন্নয়ণ বিষয়াৰ প্ৰাংগনত  সোমবাৰে  ৬৯ তম্ নিখিল ভাৰত সমবায় সপ্তাহ (১৪নৱেম্বৰৰ পৰা 20 নৱেম্বৰ লৈকে .. সপ্তাহযোৰা কাৰ্যসূচীৰে উদযাপনৰ বাবে যো-যা কৰা হৈছে ৷ আজি সৰুপথাৰ সমষ্টিৰ বিধায়কবিশ্বজিৎ ফুকন পুৱা ন' বজাত সমবায়ৰ সাতৰঙী পতাকা উত্তোলন কৰে ৷ ইয়াৰ পাছত উক্ত সভাত বন্তি প্ৰজ্বলন কৰে অসম চৰকাৰৰ  সমবায় বিভাগৰ মন্ত্ৰী  নন্দিতা গাৰ্লোছা ই বন্তি প্ৰজ্বলন কৰে ৷ গাম্ভীৰ্য পূৰ্ণ সভাখনত উপস্থিত থাকে ধনশিৰি মহকুমাৰ মহকুমাধিপতি ডিনচেংফা বৰুৱা, এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰুধৰ শইকীয়া,যোৰহাট জিলাৰ সমবায় সমিতি সমূহৰ উপ-পঞ্জীয়ক যুত বিকাশ শৰ্মা,গোলাঘাট জিলাৰ সমবায় সমিতি সমূহৰ সহকাৰী পঞ্জীয়ক সিদ্ধাৰ্থ দলে ক প্ৰমুখ্য কৰি সমবায় বিভাগৰ বিষয়া সকল আৰু গোলাঘাট জিলাৰ সমবায় সমিতি সমূহৰ সভাপতি আৰু সচিব সকল ৷ সমবায় সপ্তাহৰ সভাখনিৰ আঁত ধৰে সমবায় সংঘৰ যুত প্ৰদীপ গোস্বামী  ৷


সভাৰ উদেশ্য ব্যাখ্যা কৰা প্ৰসংগত সৰুপথাৰ সমষ্টিৰ যুৱ বিধায়ক শ্ৰীবিশ্বজিৎ ফুকন সমবায়ৰ জৰিয়তেহে দেশৰ উন্নতি সম্ভৱ আৰু সেয়ে আমি সকলোৱে সমবায়ৰ প্ৰতি নিস্বাৰ্থ ভাৱে নিজকে উৎসৰ্গা কৰিব লাগিব আৰু তেতিয়াহে সমবায়ৰ উন্নতি সম্ভৱ হ'ব বুলি সাৰুৱা ভাষণ প্ৰদান কৰে ৷ সভাত ধনশিৰি মহকুমাৰ মহকুমাধিপতি শ্ৰীমতী ডিনচেংফা বৰুৱাই বহুমূলীয়া ভাষণেৰে সমবায় প্ৰেমী সকলোকে সম্বোধন কৰে ৷ সভাত সমবায় বিভাগৰ মাননীয়া মন্ত্ৰী নন্দিতা গাৰ্লোছাই সমবায়ৰ উন্নতিৰ জৰিয়তে দেশ এখন কেনেকৈ আগুৱাই যাব পাৰে এই সম্পৰ্কে বহুমূলীয়া ভাষণ আগবঢ়ায় ৷ সভাৰ অন্তত সৰুপথাৰ সমষ্টিত পোনপ্ৰথম বাৰৰ বাবে এপেক্স বেংকৰ দ্বাৰা এখনি ম'বাইল এ টি এম ভানৰো ফিটা কাটি উদ্বোধন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোছাই ৷ এই ম'বাইল এ এটি এম ভান খনে সৰুপথাৰ অঞ্চলত এ টি এম ৰ সমস্যাৰ কিছু লাঘৱ কৰিব ৷

No comments