Breaking News

ফৰকাটিঙত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মকঃ


ডিজিটেল সংবাদ, ফৰকাটিংঃ 
ফৰকাটিঙত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মকঃ  ছয়জনগোষ্ঠী জনজাতিকৰণ দাবীত জনজাতিয় ঐক্য মঞ্চই জনোৱা অসম বন্ধৰ প্ৰভাৱ  গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ফৰকাটিঙত সৰ্বাত্মক প্ৰভাৱ পৰে৷ পুৱাৰে পৰা ফৰকাটিং,ঘিলাধাৰী,বালিজান, দহমাইলখুটি , ঊষা গৰঙা, আঠখেলীয়া,মক্ৰং আদি দৈনিক ব্যস্ততাপূৰ্ণ মূল পথসমূহত ব্যক্তিগত কেইখনমান যানবাহন অহাযোৱা কৰা পৰিলক্ষিত হয়৷ উল্লেখ্য যে, অসম আৰক্ষীয়ে বন্ধ প্ৰত্যাহাৰ নকৰিলে জেললৈ প্ৰেৰণ কৰাৰ কথা আছিল যদিও ইয়ালৈ কোনো কেৰেপ নকৰি বন্ধ সফল ভাৱে সামপ্তি ঘটে। বিজেপি শাসনাধিষ্ঠিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱা পিছত প্ৰথমবাৰৰ কাৰণে দীৰ্ঘদিনৰ পিছত ছয়জনগোষ্ঠী জনজাতিকৰণৰ দাবীত জনজাতিয় ঐক্য মঞ্চই জনোৱা অসম বন্ধত ফৰকাটিং অঞ্চলত আজি বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে৷

No comments