Breaking News

দেৰগাঁও চাৰিআলিত চাৰিলেনযুক্ত পথত চক্ৰৰ দাবীৰে ৰাজহুৱা সভা।


ডিজিটেল সংবাদ, দেৰগাঁওঃ
 দেৰগাঁও চাৰিআলিত চাৰিলেনযুক্ত পথত চক্ৰৰ দাবীৰে ৰাজহুৱা সভা।  দেৰগাঁৱত পুৰ্ণগতিত চলিছে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম। ইতিমধ্যেই প্ৰশাসনৰ সহযোগত NHIDHL কৰ্তৃপক্ষই মুক্ত কৰি তুলিছে পথটোৰ দুয়োকাষ। এইসমূহ কাম চলি থকাৰ মাজতে চাৰিলেনযুক্ত পথক লৈ তুমুল বিতৰ্কৰ সুত্ৰপাত হৈছে দেৰগাঁৱত। দেৰগাঁৱৰ প্ৰাণকেন্দ্ৰ স্বৰূপ দেৰগাঁও চাৰিআলিত এটা চক্ৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।ৰাইজৰ দাবী যদিহে চাৰি আলিৰ সোঁমাজত এটা চক্ৰ দিয়া নহয় প্ৰতি মুহুৰ্ততে ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ থাকিব। আনহাতে ৰাজ্যৰ আন প্ৰান্তত চাৰিলেনযুক্ত পথ প্ৰস্থ ষাঠী মিটাৰকৈ দি নিৰ্মাণ কৰা হৈছে যদিও দেৰগাঁৱত সেয়া আঠত্ৰিশ দশমিক পাঁচ মিটাৰকৈ নিৰ্মাণ কৰা কথাটোৱে ক্ষোভিত কৰি তুলিছে দেৰগাঁওবাসীক। দেৰগাঁও চাৰিআলিত চক্ৰ নিৰ্মান আৰু পথটোৰ প্ৰস্থ ষাঠী মিটাৰলৈ বৃদ্ধি কৰাৰ দাবীৰে দেৰগাঁৱৰ স্থানীয় নৰেন শৰ্মা স্মৃতি পথাৰত সোমবাৰে অনুষ্ঠিত হয় এক ৰাজহুৱা সভা ।ৰাইজৰ দাবী একাংশ স্বাৰ্থন্বেষী লোকৰ ষড়যন্ত্ৰত পৰি বাৰে বাৰে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা ফ'ৰলেন নিৰ্মাণৰ কামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতক্ষ্য হস্তক্ষেপ কৰি এই পথছোৱা সুন্দৰকৈ নিৰ্মান কৰি ৰাইজৰ বাবে উপহাৰ হিচাপে আগবঢ়াওক ।

No comments