Breaking News

মেৰাপানী সীমান্তত এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ।


ডিজিটেল সংবাদ, মেৰাপানীঃ
  মেৰাপানী সীমান্তত এটা প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ। আঘোনৰ পথাৰত দাৱনীয়ে ধান দাই থকা অৱস্থাতে প্ৰত্যক্ষ কৰে প্ৰায় দহ ফুট দীঘল অজগৰটো। উল্লেখ্য যে, অজগৰটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ লোক সকলৰ বিভিন্ন পোহনীয়া হাঁহ, কুকুৰা ভক্ষণ কৰি ত্ৰাস চলাই আহিছিল। মেৰাপানীৰ ভেলৌগুৰি জয়পুৰত গাঁৱত উদ্ধাৰ হোৱা অজগৰ সাপটো প্ৰত্যক্ষ কৰিবলৈ ভীৰ কৰা পৰিলক্ষিত হয় স্থানীয় লোকে। এজন ব্যক্তিয়ে অজগৰ সাপটো উদ্ধাৰ কৰি মেৰাপানী বন বিভাগৰ লোকক গতাই দিয়ে।


No comments