Breaking News

শিৱসাগৰৰ দিখৌ মুখত অৱস্থিত ঐতিহাসিক আজানপীৰ দৰগাহৰ নতুন পৰিচালনা সমিতি গঠনত নিশা উত্তপ্ত পৰিস্থিতি


 ডিজিটেল সংবাদ, শিৱসাগৰঃ 
শিৱসাগৰৰ দিখৌ মুখত অৱস্থিত ঐতিহাসিক আজানপীৰ দৰগাহৰ নতুন পৰিচালনা সমিতি গঠনত নিশা উত্তপ্ত পৰিস্থিতি  বিধায়ক প্ৰদীপ হাজৰিকাৰ তত্ত্বাবধানত গঠন হোৱা সমিতি খনক ৰাজনীতিকৰণ কৰা আৰু দুৰ্নীতিৰ অভিযুগ তুলি প্ৰতিনিধি বৰ্গৰ মতে নতুন সমিতি খন কেতিয়াও গ্ৰহণ কৰা নহ'ব শিৱসাগৰৰ দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ ত্ৰিবেণী সংগমত অৱস্থিত ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ স্থান আজানপীৰ দৰগাহৰ নতুন পৰিচালনা সমিতি গঠনক কেন্দ্ৰ কৰি তীব্ৰ বাক্‌ বিতণ্ডতা অব্যাহত আছিল । শিৱসাগৰৰ আমগুৰি সমষ্টিৰ দিখৌ মুখৰ ঐতিহাসিক আজানপীৰ দৰগাহৰ নতুন পৰিচালনা সমিতি গঠনৰ বাবে আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ তত্ত্বাবধানত যোৱা নিশা আয়োজিত সাধাৰণ সভাত উত্তপ্ত পৰিস্থিতি ।২০১৮ চনত পূৰ্বৰ সমিতি খনৰ কাৰ্যকাল সমাপ্তিৰ পাছতেই দুটাকৈ গোটৰ মাজত ক্ষমতা কেন্দ্ৰিক যুঁজ আৰম্ভ হৈ আছিল । পৰৱৰ্তী ক্ষণত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত প্রায় চাৰি বছৰ ধৰি বিচৰাধীন হৈ থকাৰ পাছত ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বিবাদ আদালতৰ মজিয়াৰ বাহিৰত সমাধান কৰাৰ নিৰ্দেশ দিয়ে । ইয়াৰ পৰিপ্ৰেক্ষিতত আজানপীৰ দৰগাহ প্ৰাংগণত নতুন সমিতি গঠনৰ বাবে এখন সাধাৰণ সভা আয়োজন কৰা হয় । নতুন সমিতি খনকলৈ অসন্তুষ্ট প্ৰতিনিধি বৰ্গ, পূৰ্বৰ সমিতি খনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযুগ ৰাইজৰ । বিধায়ক প্ৰদীপ হাজৰিকাৰ তত্ত্বাবধানত গঠন হোৱা সমিতি খনক ৰাজনীতিকৰণ কৰা আৰু দুৰ্নীতিৰ অভিযুগ তুলি নিশা এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ এক বিশাল বাহিনী মোতায়েন কৰে । বিধায়ক প্ৰদীপ হাজৰিকাৰ পৰামৰ্শ ক্ৰমে শিৱসাগৰ জিলাৰ চাৰিটাকৈ সমষ্টিৰ চাৰিজন প্ৰতিনিধিয়ে এখন খচৰা তালিকা প্ৰস্তুত কৰি ৰাইজৰ সন্মুখত পাঠ কৰাৰ সময়তে পুনৰ পৰিস্থিতি উত্তপ্ত হয় । যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আনহাতে যোৰহাট, দেৰগাঁও জিলাৰ পৰা সভাত অংশগ্ৰহণ কৰা প্ৰতিনিধি বৰ্গ সকলে নতুন সমিতিক খনক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে । লগতে সমিতি খন গঠনত ৰাজনীতিকৰণ কৰাৰ অভিযুগ উত্থাপন কৰা আৰু নতুন সমিতি খনক কেতিয়াও গ্ৰহণ কৰা নহ'ব বুলি সংবাদ-মাধ্যমৰ আগত মন্তব্য কৰিছে ।

No comments