Breaking News

এইধৰণৰ খাদ্য পৰিহাৰ কৰক, নহ’লে যকৃতৰ বাবে হ’ব পাৰে ক্ষতিকাৰক



যকৃত হৈছে শৰীৰৰ এক অপৰিহাৰ্য অংশ। ই হজমকে ধৰি বহুতো কাৰ্যকলাপত সহায় কৰে।  যিকোনো ধৰণৰ খাদ্য খোৱাৰ ফলত যকৃতৰ ওপৰত বেয়া প্ৰভাৱ পৰে। এনেধৰণৰ খাদ্য গ্ৰহণ কৰাতো কেতিয়াবা যকৃতৰ বাবে ক্ষতিৰ কাৰণ হৈ পৰে। যদি যকৃত সুস্থভাৱে ৰাখিব বিচাৰে, তেনেহ'লে আহাৰৰ প্ৰতি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ। কিছুমান বস্তু যকৃতৰ বাবে অতি বিপদজনক। সেইবোৰ পৰিহাৰ কৰাটো গুৰুত্বপূৰ্ণ। 

যকৃত সুস্থ ৰাখিবলৈ কি কি বস্তু খোৱাটো উচিত নহয় 

জাংক ফুড 

আজিকালি, জাংক ফুড খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে। জাংক ফুড খাবলৈ যিমানে সুস্বাদু সিমানেই, ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। জাংক ফুড হজম কৰিবলৈ সহজ নহয়। যাৰবাবে ই যকৃতৰ ক্ষতি কৰে। জাংক ফুডৰ পৰা দূৰত্ব ৰখাভাল। 


অন্যহাতে পেইনকিলাৰ আৰু পৰিপূৰক ঔষধবোৰেও যকৃতৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। বহুলোকে প্ৰতিটো সৰু বিষত পেইনকিলাৰ খায়, এনে কৰিলে বিষটোৰ পৰা সকাহ পায় কিন্তু ই কেতিয়াবে যকৃতৰ এক ডাঙৰ ক্ষতিকাৰক হৈ পৰিব পাৰে। কেৱল সেয়াই নহয় বহুলোকে সুস্থ থাকিবলৈ পৰিপূৰক গ্ৰহণ কৰে, এইবোৰ যকৃতৰ বাবেও বিপদজনক। 

সংসাধিত খাদ্য

সংসাধিত খাদ্য আৰু পেক কৰা খাদ্য যকৃতৰ বাবে ভাল নহয়। যদি আপুনি প্ৰতিদিনে পেষ্ট্ৰী, কেক, বিস্কুট আৰু চিপছৰ দৰে বস্তু খায়, তেনেহ'লে লিভাৰত প্ৰভাৱ পৰিব পাৰে। যদি আপুনি যকৃতত সুস্থ কৰি  ৰাখিব বিচাৰে, তেনেহ'লে এনে বস্তু পৰিহাৰ কৰিব লাগিব। 

সুৰা

যকৃতৰ বাবে সুৰা অতি বিপদজনক। সুৰাৰ ফলত যকৃতত চৰ্বি জমা হয়, যি যকৃতৰ ক্ষতি কৰে। সুৰাৰ ফলতো চিৰোচিছ হয়। যদি যকৃত সুস্থ কৰি ৰাখিব লাগে, তেন্তে সুৰা একেবাৰে খাব নালাগে। 


নিমখ আৰু চেনী

চেনী আৰু নিমখ হৈছে প্ৰায় প্ৰতিটো খাদ্য সামগ্ৰীত যোগ দিয়া বস্তু। বহুলোকে অধিক নিমখ আৰু অতি মিঠা সামগ্ৰী খায়। ই সোৱাদৰ বাবে ভাল, কিন্তু অত্যাধিক নিমখ আৰু চেনী খালেও যকৃতৰ ক্ষতি হ'ব পাৰে। 

No comments