Breaking News

চোৰাং বালি সৰবৰাহৰ ঘাটিত পৰিণত হৈছে মেৰাপানী সীমান্ত।


ডিজিটেল সংবাদ, মেৰাপানীঃ
 চোৰাং বালি সৰবৰাহৰ ঘাটিত পৰিণত হৈছে মেৰাপানী সীমান্ত। আৰক্ষীৰ অভিযানত অবৈধভাৱে বালি কঢ়িওৱা চাৰিখনকৈ ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়। মেৰাপানী আৰক্ষী আৰু কমাৰবন্ধা আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত চাৰিখন টি পি বিহীন ডাম্পাৰ  জব্দ কৰে। মেৰাপানী আৰক্ষীয়ে জব্দ কৰা ডাম্পাৰ দুখনৰ নাম্বাৰ হৈছে AS05C 9569 আৰু AS05C9166 । আনহাতে কমাৰবন্ধা আৰক্ষীয়ে জব্দ কৰা ডাম্পাৰ দুখনৰ নম্বৰ হৈছে AS05 C 9855 আৰু AS05AC 0865। কমাৰবন্ধা আৰক্ষীয়ে জব্দ কৰা বাহন দুখন জামুগুৰি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত গতাই দিয়াৰ বিপৰীতে মেৰাপানী আৰক্ষীয়ে জব্দ কৰা বাহন দুখন বৰ্তমানে আৰক্ষীৰ জিম্মাতে আছে। 

No comments