Breaking News

Appraisal APP ৰ ব্যাৱহাৰ বিৰোধিতাৰে বিজনীত চিৰাং জিলা টেট শিক্ষক সন্থাৰ সাধাৰণ সভা ।চিৰাং

 


ডিজিটেল সংবাদ, চিৰাংঃ 
Appraisal APP ৰ ব্যাৱহাৰ বিৰোধিতাৰে বিজনীত চিৰাং জিলা টেট শিক্ষক সন্থাৰ সাধাৰণ সভা ।চিৰাং জিলাৰ বিজনীৰ ১০৩৩  নং বিজনী চহৰৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত চিৰাং জিলা টেট শিক্ষক সন্থাৰ সাধাৰণ সভা ।সভাত সভাপতিত্ব কৰে চিৰাং জিলা টেট শিক্ষক সন্থাৰ সভাপতি  বিনয় ভুষন ভৌমিক ।শিক্ষা বিভাগৰ তৰফৰ পৰা দিয়া নিৰ্দেশনাৰ ক্ষেত্ৰত ক্ষোভ প্ৰকাশ শিক্ষকসকলৰ। বৰ্তমান কৰ্মৰত শিক্ষক সকলৰ কৰ্মদক্ষতা নম্বৰৰ ভিত্তিত মূল্যায়ন কৰাটো উচিত প্ৰদক্ষেপ হোৱা বুলি সভাত আলোচনাত  সমবেত হয়  শিক্ষক সকল ।  চিৰাং জিলাৰ প্ৰতিটো অঞ্চল বা গাওৰ পৰা  শিক্ষক সকলে উপস্থিত হৈ Appraisal app ৰ বিৰুদ্ধে ক্ষোভ উজাৰে । সভাত উপস্থিত থাকি বিজনী জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যকৰী সভাপতি ভবেন বৰ্মন আৰু উপ-সভাপতি মুকুল চন্দ্ৰ ৰায়ে  টেট শিক্ষক সকলক বিভিন্ন পৰামৰ্শ দিয়ে ।আগন্তুক দিনবোৰত টেট শিক্ষক সকলৰ বিভিন্ন সমস্যাৰ হকে মাত মাতি যাৱ বুলি মন্তব্য ডাঙি ধৰে ।আজিৰ কাৰ্যসূচীত -অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সদস্য  নিতাই সামন্ত  টেট শিক্ষক সন্থাৰ যুটীয়া সম্পাদক -কিশোৰ কুমাৰ দাস ,মোহন প্ৰসাদ শৰ্মা ,মুখপাত্ৰ : আমিনূৰ হোছেইনৰ লগতে চিৰাং জিলাৰ বাসুগাও ,কাজলগাও ,বেঙতল , বিষ্ণুপুৰ ,বেতবাৰী ,বল্লমগুৰী ,বিজনী চহৰ ,ভাওৰাগুৰী ,দাৰেঙ্গা , আনন্দ বজাৰ‌ , অন্যান্য গাঁৱৰ  শিক্ষকসকলে উপস্থিত থাকে।

No comments