Breaking News

ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং তামুলীগাৱঁত নিশা সংঘটিত হৈছে এক ডকাইটি কাণ্ড ৷


ডিজিটেল সংবাদ, ধনশিৰিঃ 
ধনশিৰি মহকুমাৰ বৰপথাৰ  আৰক্ষী থানাৰ অন্তৰ্গত ১ নং তামুলীগাৱঁত নিশা সংঘটিত হৈছে এক ডকাইটি কাণ্ড ৷ ১ নং তামুলীগাৱঁৰ নিবাসী বিজু শইকীয়া নামৰ  লোকজনৰ ঘৰত সংঘটিত হয় এই ডকাইটি কাণ্ড ৷ নিশা প্ৰায় ১.৩০ বজাত মাৰণাস্ত্ৰ দেখুৱাই লুটি নিলে নগদ ৩০-৩৫ হাজাৰ ধনৰ লগতে সোণৰ আ-অলংকাৰ  প্ৰায় ৬-৭ জনীয়া ডকাইটৰ দলে সংঘটিত কৰিলে এই কাণ্ড ৷ বিজু শইকীয়াৰ ঘৰৰ দৰ্জা ভাঙি ডকাইটৰ দলটো ঘৰত প্ৰৱেশ কৰি বিজু শইকীয়াৰ মূৰত পিষ্টল দেখুৱাই পইছা আৰু সোণৰ আ অলংকাৰ লুট কৰি নিয়ে।উল্লেখযোগ্য যে ডকাইটৰ দলটোৱে নিজকে প্ৰথমে পুলিচৰ লোক বুলি চিনাকি দিছিল । ডকাইটৰ দলটোৱে নিশা চিঞৰ বাখৰ কৰিলে গুলিয়াই দিয়াৰ ভাবুকি দিছিল পৰিয়ালৰ লোকক। ইতিমধ্যে  ঘটনাস্থলীত  বৰপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ ঘৰটো তন্ন তন্নকৈ পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে ৷


No comments