Breaking News

তামুলপুৰৰ শশীপুৰত আজিৰে পৰা অনুষ্ঠিত হয় শ্ৰীমত ভাগৱত মহাপুৰাণ জ্ঞান যজ্ঞ।


ডিজিটেল সংবাদ, তামুলপুৰ:
  তামুলপুৰৰ শশীপুৰত আজিৰে পৰা অনুষ্ঠিত হয় শ্ৰীমত ভাগৱত মহাপুৰাণ জ্ঞান যজ্ঞ। ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীমত ভাগৱত মহাপুৰাণ জ্ঞান যজ্ঞ ৰাধে ৰাধে ধ্বনিৰে মুখৰিত তামুলপুৰৰ শশীপুৰ অঞ্চল  তামুলপুৰ জিলাৰ অন্তৰ্গত শশীপুৰত বিশ্ব শান্তিৰ লগতে শশীপুৰৰ বিশিষ্ট সমাজকৰ্মী স্বৰ্গীয় ৰাম বাহাদুৰ কটোৱাল চেত্ৰীৰ পুণ্য স্মৃতিত আজিৰে পৰা ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীমত ভাগৱত মহাপুৰাণ জ্ঞান যজ্ঞ। কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত দুই শতাধিক ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত "ৰাধে ৰাধে" উচ্চাৰণ কৰি প্ৰায় ২ কিলোমিটাৰ অতিক্ৰম কৰি জল শোভাযাত্ৰা উলিয়াই ইয়াৰ পিছতেই পণ্ডিত নিলহৰী ঢকালে ৫ দিনীয়া কথাপ্ৰবছন আৰম্ভ কৰে।  কেশৱ ছেত্ৰীৰ একক প্ৰচেষ্টাত এইবেলি অনুষ্ঠিত ৫ দিনীয়াকৈ উক্ত ভাগৱত-- ভক্তি জ্ঞান যজ্ঞ আৰু চৌৰাশী যজ্ঞ কেইবা শতাধিক ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত অনুস্থিত কৰা হৈছে।

No comments