Breaking News

মেৰাপানীৰ গড়জানত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উদ্‌যাপন

 


ডিজিটেল সংবাদ, মেৰাপানীঃ 
মেৰাপানীৰ গড়জানত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উদ্‌যাপন আজি মেৰাপানীৰ গড়জান নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ সংস্থাৰ সহযোগত গোলাঘাট জিলা আইন প্ৰাধিকৰণ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উদযাপন কৰা হয়। সেই উপলক্ষে আজি দৈয়াঙৰ বিশিষ্ট কৃষক পোনা ঠেঙালৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ সংস্থাৰ ৰাজ্যিক সম্পাদক হেমা চৌধুৰী গগৈ আৰু গোলাঘাট জিলা যুটীয়া সম্পাদক ছায়াক্ষী বৰাৰ নেতৃত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত গোলাঘাট আইন মহাবিদ্যালয়ৰ অধ্যাপক তথা অধিবক্তা ছাবিৰ শ্বাহ, অধিবক্তা নিতুল বৰা, সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ নিতুল বৰা আৰু সমাজ কল্যাণ বিভাগৰ জুপি শইকীয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সভাত উপস্থিত থকা সমল ব্যক্তি সকলে মানৱ অধিকাৰৰ বিষয়ে ৰাইজক অৱগত কৰে৷ শ্ৰমিকৰ অধিকাৰ , সমতাৰ অধিকাৰ আদিৰ বিষয়ে বক্তাসকলে মন্তব্য দাঙি ধৰে ৷ NHRCCB ৰ ৰাজ্যিক সভাপতি সন্তোষ কানু , গোলাঘাট জিলা সভাপতি ৰাজকুমাৰ ম'ৰে, সম্পাদক ইশ্বান ম'ৰে, জিলা সম্পাদক স্বাগত বৰা, সাংবাদিক সোনেশ্বৰ বাঢ়ৈ ,ব্লক সভাপতি ৰচিতা জয়ছোৱাল, জিলা আইন সেৱা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱীকা নিজৰা গগৈ, দৈয়াং গাঁওবুঢ়া সন্থাৰ সভাপতি মুনীন্দ্ৰ শইকীয়া, সম্পাদক দ্বীপেন বৰাকে ধৰি প্ৰায় ১৫ খন গাঁৱৰ গাঁওবুঢ়া আৰু অঞ্চলটোৰ বহু সংখ্যক ৰাইজ উপস্থিত থাকি মানৱাধিকাৰ দিৱসৰ ওপৰত আয়োজন কৰা সজাগতা সভাখনি সম্পন্ন কৰে ।

No comments