Breaking News

পংকা সপ্তশ্বহীদ হস্পিতালত এটা বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুস্থিত হয়

 


ডিজিটেল সংবাদ, নুমলীগড়ঃ 
নুমলীগড় শোধনাগৰৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধিনত যোৰহাট লায়ন্স চকু চিকিৎসালয়ৰ , একল অভিযান গোলাঘাট আৰু পঞ্চৰত্ন গ্ৰুপৰ সহযোগত পংকা সপ্তশ্বহীদ হস্পিতালত এটা বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুস্থিত হয় ৷মনজিত ভূঞাই আঁত ধৰা উদ্বোধনী সভা খনত  শোধনাগাৰৰ চি.জি.এম কাজল শইকীয়া ,ডঃ আৰ.কে.মহন্ত ,এন চি কৰ্ণে , বি.এম.ৰ্শমা উপস্থিত থাকে ৷ অমৰ জ্যোতি  বৰঠাকুৰৰ তত্ত্বাৱধানত অনুস্থিত শিবিৰটোত  দুই সহস্ৰাধিক ৰোগীৰ চকু পৰীক্ষা কৰে বিকাশ চাহায় ৷ শিবিৰত ৪৩ জন ৰোগীৰ চকুত ছানিপৰা ৰোগ ধৰাপৰে ৷ ৰোগীসকলক বিনামূলীয়া অস্ত্ৰোপচাৰৰ বাবে যোৰহাট লায়ন্স চকু চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

No comments