Breaking News

নুমলীগড়ৰ মৰঙিত বন্যহস্তীৰ উপদ্ৰৱত বাসগৃহ,ভড়াল তচনচ ৷


 ডিজিটেল সংবাদ, নুমলীগড়ঃ 
নুমলীগড়ৰ মৰঙিত বন্যহস্তীৰ উপদ্ৰৱত বাসগৃহ,ভড়াল তচনচ ৷ বন্যহস্তীৰ আক্ৰমণত গো-ধন নিধন।নুমলীগড়ৰ মৰঙিত দিনে-নিশাই কেবল হাতীৰ লগত যুঁজ দিব লগা হৈছে নিজৰ ঘৰ-বাৰী পৰিয়ালৰ নিৰাপত্তাৰ বাবে ৷ প্ৰতিদিনেই উজাগৰী নিশা পাৰ কৰিব লগা হৈছে বৃহত্তৰ মৰঙি মৌজাৰ অৰ্ধশতাধিক গাৱঁৰ ৰাইজে ৷ পথাৰৰ যৎসামান্য ধানখেতি আছিল সেয়া হাতীৰ জাকে তহিলং কৰাৰ পিছত এতিয়া মানুহৰ ঘৰলৈ ধাউতি বাঢ়িছে হাতীৰ ৷ নিশা মৰঙি চাৰিআলিৰ বজাৰ এলেকাৰ কেইবাটাও পৰিয়ালৰ বাৰীত সোমাই হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই ৷পানীকৰা আৰু আবৰঘাটৰ চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি তচনচ কৰাৰ লগতে হাতীৰ আক্ৰমণত পশুধনৰ মৃত্যু  হোৱাৰ উপৰি ভঁৰাল ভাঙি ধান খায় ৷ আনহাতে হাতী খেদাত অনভিজ্ঞ পৰিয়ালসমুহে ত্ৰাহি মধুসুধন সুৱঁৰি পকী ঘৰৰ ভিতৰতো নিৰাপত্তা হীনতাত ভূগিছে ৷ উৰে নিশা তেলীয়া গাওঁ , পানীকৰা, শ’লমাৰি, শাওতলী, আবৰঘাট আদি অঞ্চলত উপদ্ৰৱ চলায় ৷ বকিয়াল বন বিভাগৰ লোক নিশা আহি হাতীজাক খেদাৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷

No comments