Breaking News

তামুলপুৰৰ বাথৌগুৰী খেলপথাৰত অনুষ্ঠিত বাক্সা জিলা আৰু কুমাৰীকাটা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশনৰ সামৰণি


ডিজিটেল সংবাদ, তামুলপুৰ
: তামুলপুৰৰ বাথৌগুৰী খেলপথাৰত অনুষ্ঠিত বাক্সা জিলা আৰু কুমাৰীকাটা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশনৰ সামৰণি তামুলপুৰৰ বাথৌগুৰী খেলপথাৰত যোৱা ৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ১৮ সংখ্যক অধিবেশনৰ লগতে কুমাৰীকাটা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ ৪৯ সংখ্যক অধিবেশনৰ আজি সফল সামৰণি পৰে। আজি তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীৰ বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োৱে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম। আজিৰ শেষৰ দিনটোৰ কাৰ্যসূচীত নিখিল বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন নেতৃবৃন্দৰ লগতে অঞ্চলটোৰ কেইবা সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। মুকলি সভাৰ অন্তত অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে কোকৰাঝাৰৰ প্ৰেক্টিকেল বসুমতাৰী, তামুলপুৰৰ দেৰহাচাৰ নাৰ্জাৰী আৰু পুষ্প পাঠকৰ গীতৰ শৰাই লগতে স্থানীয় শিল্পীৰ মনপৰশা গীতেৰে তিনিদিনীয়া অধিবেশনৰ সামৰণি পৰে।

No comments