Breaking News

শিৱসাগৰৰ নাজিৰা মেকিপুৰত সৰ্বমঙ্গলাৰ্থে আৰু দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰয়াস ৰাইজৰ


 ডিজিটেল সংবাদ, শিৱসাগৰঃ
শিৱসাগৰৰ নাজিৰা মেকিপুৰত সৰ্বমঙ্গলাৰ্থে আৰু দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰয়াস ৰাইজৰ সহযোগত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত উপস্থিত বিধায়ক দেবব্ৰত শইকীয়া আৰু তেখেতৰ সহধৰ্মীনি শিৱসাগৰৰ নাজিৰা মেকিপুৰত সৰ্বমঙ্গলাৰ্থে আৰু দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰয়াস ৰাইজৰ । শিৱসাগৰৰ নাজিৰা মেকিপুৰ-হাতীপটি সংযোগী ৰাজপথত কিছু দিনৰ পৰা বৃদ্ধি পাব ধৰিছে পথ দুৰ্ঘটনা । যাৰ ফলত বহু কেইগৰাকী লোকে অকাল মৃত্যুক সাৱতি ল'ব লগা হোৱা ঘটনাই অঞ্চলজুৰি সাধাৰণ শ্ৰেণীৰ লোক সকলক এক হতাশা তথা বিভ্ৰান্তিত পেলোৱা পৰিলক্ষিত হৈছে । যাক লৈ মেকিপুৰ আৰু হাতীপতি সংগম স্থলৰ ৰাজপথত যোৱা কালি নিশা স্থানীয় ৰাইজৰ সহযোগত শ্ৰীশ্ৰী শনি দেৱতাৰ পূজা আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আয়োজন কৰা হয় । য'ত নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়া, তেখেতৰ সহধৰ্মীনি, ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ময়ূৰ বৰগোঁহাই, অসম চৰকাৰৰ আৰ্টফেডৰ উপাধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশ কাৰ্য্যনিৰ্বাহক সদস্য প্ৰহ্লাদ গোৱালা, অসম চাহ মজদুৰ সংঘ নাজিৰা শাখাৰ প্ৰাক্তন সম্পাদক দেবেন ৰবিদাস, অনাতাঁৰ শিল্পী বংশী গোৱালা, সমাজকৰ্মী চুৰেণ কুৰ্মী, মেকিপুৰ আৰু হাতীপটি বাগিছাৰ চিকিৎসক ক্ৰমে জাকিৰ চিকদাৰ, মুস্তাক আহমেদ, জোসেফ সিং, জিচয়া কন্যাকে ধৰি বহু গণ্যমান্য লোক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত উপস্থিত থাকে । লগতে বাটৰুৱা সকলেও দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰয়াসেৰে ৰাইজৰ সৈতে মিলি শ্ৰীশ্ৰী শনি দেৱতাৰ পূজা আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আয়োজন ভাগত অংশগ্ৰহণ কৰি সেৱা আগবঢ়াই ।


No comments