Breaking News

হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস উপলক্ষে “অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পটভূমিত বিজ্ঞান মানসিকতা” বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়৷


ডিজিটেল সংবাদ, গোলাঘাটঃ
 আজি ইলোৰা বিজ্ঞান মঞ্চ গোলাঘাট শাখা আৰু নতুন সাহিত্য পৰিষদ গোলাঘাট শাখাৰ উদ্যোগত গোলাঘাট পূ্ৰ্বাঞ্চলিক মহাবিদ্যালয়ত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস উপলক্ষে “অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পটভূমিত বিজ্ঞান মানসিকতা” বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক পুৰস্কাৰ প্ৰদান কৰা হয়৷ উক্ত মহাবিদ্যালয়ৰ অধ্যক্ষা মালা গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা সভাত ডা° কুমুদ কুমাৰ দত্ত আৰু ড° অমূল্য বৰাই সমল ব্যক্তি হিচাবে ভাগ লয়৷ অনুষ্ঠানত অবসৰপ্ৰাপ্ত অধ্যক্ষ অনু খনিকৰ, প্ৰাক্তন অধ্যাপক হেম ফুকন, সমাজকৰ্মী কুসুম তামুলী,ছফিয়া হুছেইন, ৰাজুমনি গগৈ, চিন্তামনি দত্ত, মহাবিদ্যালয়ৰ সমুহ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰে৷ সভাত অন্যতম সমলব্যক্তি ডি. আৰ. কলেজৰ সহকাৰী অধ্যাপক ড° সুকৃতি দত্তৰ অনুপস্থিতিত তেওঁৰ লিখিত ভাষন পাঠ কৰি দিয়া হয়৷



No comments