Breaking News

বিদ্যালয়ৰ পৰা শিক্ষামূলক ভ্ৰমণত গৈ দেওপাহাৰৰ চিৰিৰ পৰা পিছলি পৰি ছাত্ৰৰ কৰুণ মৃত্যু

                                                                        


ডিজিটেল সংবাদ,মেৰাপানী.....মেৰাপানীৰ ১নং বৰজানত সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা। বিদ্যালয়ৰ পৰা শিক্ষামূলক ভ্ৰমণত গৈ দেওপাহাৰৰ চিৰিৰ পৰা পিছলি পৰি আহত হোৱা ছাত্ৰৰ ডিব্ৰুগড়ৰ চিকিৎসা  মহাবিদ্যালয়ত মৃত্যু। শোকাকূল পৰিৱেশত মৃতদেহ সৎকাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ গৰাকীৰ। বিদ্যালয়ৰ কৰ্তৃপক্ষ, শিক্ষকৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ লোকৰ। মৰ্মান্তিক, হৃদয় বিদাৰক ঘটনা। নিমিষতে হেৰাই গ'ল এজন মেধাৱী ছাত্ৰৰ জীৱন। শিক্ষামূলক ভ্ৰমনত গৈ কৰুণ মৃত্যুক সাৱতিলে মেৰাপানীৰ মাটিখোলাৰ ১ নং বৰজানৰ এজন সপ্তম শ্ৰেণীৰ ছাত্ৰই। দেওপাহাৰৰ  খটখটিৰ পৰা পিছলি পৰি গুৰুতৰ ভাৱে আহত ছাত্ৰ। তাৰ পাছতেই চিকিৎসালয়ৰ ICU ত কৰুণ মৃত্যুক আকোৱালি লয় কণমানি ছাত্ৰজনে। দহমাইলৰ উজ্বল বাল্যভৱন পাব্লিক স্কুলৰ সপ্তম শ্ৰেণীত অধ্যয়ণৰত ঋতুৰাজ গগৈ নামৰ ছাত্ৰজনে বিদ্যালয়খনৰ আন আন ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে যোৱা ১৮ ডিচেম্বৰত কাজিৰঙালৈ বুলি শিক্ষামূলক ভ্ৰমণত গৈছিল। শিক্ষামূলক ভ্ৰমণ কাৰ্যসূচীৰে কাজিৰঙাৰ পৰা উভতি আহি নুমলীগড়ৰ দেওপাহাৰৰ ঐতিহাসিক কৃৰ্তীচিহ্ন দৰ্শন কৰি থকা অৱস্থাতে হঠাৎ খটখটিৰ পৰা পিছলি পৰি মুখ আৰু মূৰত গুৰুতৰ ভাৱে আঘাত পাই ছাত্ৰ জনে। প্ৰথম অৱস্থাত ছাত্ৰজন আহত হোৱাৰ সম্পৰ্কত পৰিয়ালৰ লোকক অৱগত নকৰাকৈয়ে সংজ্ঞাহীন হৈ পৰা ছাত্ৰজনক এম্বুলেন্স অবিহনেই পিকনিকৰ গাড়ীৰেই গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ আনিছিল শিক্ষক সকলে। গোলাঘাটৰ পৰা চিকিৎসকে ছাত্ৰ জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । কিন্তু ছাত্ৰজনৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে পুনৰ তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে। অৱশেষত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়খনৰ আইচিইউ কক্ষত ছাত্ৰজনক ভৰ্তি কৰা হয় যদিও বুধবাৰে তাতেই ছাত্ৰজনে কৰুণ মৃত্যুক আকোৱালি লয়। আজি ডিব্ৰুগড়ৰ পৰা ছাত্ৰজনৰ মৃতদেহ নিজ গৃহত অনাৰ পাছতে এক শোকাকূল পৰিৱেশৰ মাজত শেষ কৃত্য সমাপন কৰে। ইফালে ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে বিদ্যালয়খনৰ কৃৰ্তপক্ষ আৰু শিক্ষকসকলৰ গাফিলটিৰ বাবে এই শোকাৱহ ঘটনা সংঘটিত হ'ল বুলি অভিযোগ তুলিছে। 


No comments