Breaking News

ক'ভিড নিষেধাজ্ঞাঃ বন্ধ হব পাৰে 'ভাৰত জোড়ো যাত্ৰাঃ স্বাস্থ্য মন্ত্ৰীৰ পত্ৰ



কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু অশোক গেহলটক ভাৰত জোড়ো যাত্ৰাৰ সময়ত কোভিডৰ নিৰ্দেশনা কঠোৰভাৱে অনুসৰণ কৰিবলৈ বা পিছুৱাই দিবলৈ আহ্বান জনায়।

কংগ্ৰেছ নেতাসকলক সম্বোধন কৰা এখন পত্ৰত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে মুখা আৰু চেনিটাইজাৰৰ ব্যৱহাৰ কাৰ্যকৰী কৰিব লাগে আৰু লগতে কয় যে কেৱল টিকাকৰণ কৰা লোকসকলেহে যাত্ৰাত যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ নিশ্চিত কৰিব লাগে।

যদিহে কভিড প্ৰটকল মনাটো  সম্ভৱ নহয় তেন্তে পদযাত্ৰা স্থগিত ৰাখিবলৈও অনুৰোধ জনাইছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।



লগতে পত্ৰখনত উল্লেখ কৰে যে,"যদি কোভিড প্ৰটোকল অনুসৰণ কৰা সম্ভৱ নহয় তেন্তে জনস্বাস্থ্যজৰুৰী অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰত যোদো যাত্ৰা পিছুৱাই দিয়া হ'ব," 

No comments