Breaking News

মণিপুৰত ভয়ংকৰ দুৰ্ঘটনা ১৫গৰাকী শিক্ষাৰ্থী নিহত

 


ডিজিটেল ডেস্ক: 
মণিপুৰৰ ন'নী জিলাত বুধবাৰে পুৱা এক দুৰ্ঘটনা সংঘটিত হয় প্ৰায় ১৫ গৰাকী শিক্ষাৰ্থী নিহত হয়  কেইবাগৰাকী চাত্ৰ -ছাত্ৰী আহত  হয় আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।ৰাজ্য খনৰ থাম্বুলিনু উচ্চতৰ মাধ্যমিকৰ চাত্ৰ-ছাত্ৰীক দুখন বাছত লৈ শিক্ষামূলক কাৰ্যসূচী  লোৱা হৈছিল ।ন'নী বিষ্ণুপুৰ-খৌপুম পুৰণি কাছাৰ পথেৰে বাছ  দুখন অগ্ৰহৰ হোৱাৰ সময়তে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰাত এই কৰুণ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটো সংঘটিত হোৱাত মূখ্যমন্ত্ৰী এন‌‌ বীৰেন‌ সিঙে গভীৰ শোক প্ৰকাশ কৰে।মূখ্যমন্ত্ৰী গৰাকীয়ে নিহত সকলৰ পৰিয়াললৈ ৫লাখ টকাৰ সাহায্য ঘোষণা কৰে ।ৰাজ্য চৰকাৰে  বিদ্যালয় আৰু মহাবিদ্যালয় সমূহক পুৱা আৰু সন্ধিয়া যাত্ৰা নকৰিবলৈ আহ্বান জনায়।

No comments