Breaking News

শিৱসাগৰৰ নাজিৰা মঠিয়াছিগা আচল পথাৰত ৩ টাকৈ বাঘৰ পোৱালি উদ্ধাৰ



 ডিজিটেল সংবাদ, শিৱসাগৰ:বাঘৰ পোৱালি কেইটা লতা মেকুৰী বাঘৰ পোৱালি বুলি সন্দেহ ৰাইজৰ ৰাজ্যত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ ক্ষণতে শিৱসাগৰৰ নাজিৰা মঠিয়াছিগা আচল পথাৰত ৩ টাকৈ বাঘৰ পোৱালি উদ্ধাৰ । আচল পথাৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৰ ঘন জংঘলত পোৱালি কেইটা শ্ৰৱণ কোঁৱৰ নামৰ এজন লোকৰ প্ৰচেষ্টাত উদ্ধাৰ কৰি খবৰ দিয়া হৈছে শিৱসাগৰ বন বিভাগক । উদ্ধাৰকৃত বাঘৰ পোৱালি কেইটা লতা মেকুৰী বাঘৰ পোৱালি বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজৰ । অৱশেষত শিৱসাগৰ বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ লতা মেকুৰী বাঘৰ পোৱালি কেইটা বয়সত একেবাৰে সৰু হোৱাৰ বাবেই কেৱল মাত্ৰ চিনাক্ত কৰি পুনৰ সেই স্থানতেই মুকলি কৰি দিয়ে ।

No comments