Breaking News

জম্মুৰ নিৰাপত্তা বাহিনীৰ সৈতে লগা সংঘৰ্ষত চাৰিটা সন্ত্ৰাসবাদী নিহত হয়



 ডিজিটেল ডেস্ক... 
জম্মুৰ নিৰাপত্তা বাহিনীৰ সৈতে লগা সংঘৰ্ষত চাৰিটা সন্ত্ৰাসবাদী নিহত হয় আৰক্ষীয়ে কোৱা মতে নিৰাপত্তা বাহিনীয়ে এখন ট্ৰাক তালাচীৰ বাবে এটা তালাচী চকীত ৰখায় আৰু আৰক্ষীৰ লোকসকল ট্ৰাক খনৰ ওচৰলৈ যোৱাৰ লগে লগে ট্ৰাক খনত  লুকাই থকা সন্ত্ৰাসবাদী কেইটাই গুলিচালনা কৰে আৰু দুই পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় , ফলত ট্ৰাক খনত অগ্নিকাণ্ড সংঘটিত হৈ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও তাত থকা চাৰিটা সন্ত্ৰাসবাদী নিহত হয়,আৰক্ষীয়ে জনোৱা মতে নিহত সন্ত্ৰাসবাদী কেইটাই পাকিস্তানৰ পৰা অনুপ্ৰৱেশ কৰিছিল আৰু কাশ্মীৰলৈ আহি আছিল।ঘটনা সংঘটিত হোৱাৰ পাছত সাতটা এ কে ৪৭ ৰাইফল ,আমেৰিকাত নিৰ্মিত এটা এম ৪ ৰাইফল তিনিটা পিষ্টল আৰু গ্ৰেনেড আদি কৰি ভালে সংখ্যক অস্ত্ৰশস্ত্ৰ উদ্ধাৰ কৰে।

No comments