Breaking News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা আৰম্ভ

                                                                              


 ডিজিটেল সংবাদ... ডিব্ৰুগড় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা আৰম্ভ...সোৱণশিৰী কলেজত বৰ্ণাঢ্য উদ্ধোধনী অনুষ্ঠান..লখিমপুৰ জিলাৰ সোৱণশিৰী মহাবিদ্যালয়ৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়বোৰৰ মাজত আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা।সোৱণশিৰী মহাবিদ্যালয়ৰ খেলপথাৰত লৰ-ছোৱালীৰ দুটা শাখাত আয়োজিত এই ভলীবল প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ৪০ খনৰো অধিক মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে বুলি আয়োজক সমিতিৰ সভাপতি,সম্পাদকে জনাইছে।আজি এই আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাখনিৰ শুভ উদ্ধোধন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ ভূঞাই।তদুপৰি উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে-ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া পৰ্যবেক্ষক-বিমল গগৈ,সোৱণশিৰী কলেজৰ অধ্যক্ষ ড০ ৰূপেশ্বৰ চেতিয়া,সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ধনমণি দত্ত,লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ,আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি টিকাৰাম শৰ্মা, সম্পাদক হোমেন চুতীয়া আৰু দুষ্মন্ত কুম্বাঙকে আদি কৰি বহু সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাতীসকলেও অংশগ্ৰহণ কৰে।

No comments