Breaking News

গোলাঘাটত সখী ৱান ষ্টপ চেণ্টাৰ, পানী যোগান আঁচনি, পথ মুকলি মন্ত্ৰী অজন্তা নেওগৰ


 ডিজিটেল সংবাদ, গোলাঘাট: 
বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটত মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত এটা সখী ৱান ষ্টপ চেণ্টাৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়ন কৰা এখন পানীযোগান আঁচনি আৰু লোকনিৰ্মাণ (পথ) বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা দুটা পথ উদ্বোধন কৰে । গোলাঘাটৰ জোনাকী নগৰত স্থাপন কৰা সখী ৱান ষ্টপ চেণ্টাৰ উদ্বোধন কৰি এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই কেন্দ্ৰ কেৱল নিৰ্যাতিত মহিলাসকলৰ বাবে এক সকাহ নহয়, বৰং মহিলা সবলীকৰণৰ দিশত ই আৰু এটা খোজ । তেওঁ কয় যে আমাৰ সাফল্য কেৱল পথ অথবা গৃহ নিৰ্মাণ নহয়, এখন সুস্থ মানসিকতাৰ সমাজ যদি আমি গঢ় দিব পাৰিছোঁ, সেইয়াহে আমাৰ প্ৰকৃত সাফল্য । সমাজ পৰিৱৰ্তনৰ বাবে সমাজৰ পৰা লিংগ বৈষম্য দূৰ হ'ব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে প্ৰধান অস্ত্ৰ হ'ল শিক্ষা আৰু সামাজিক সজাগতা । তেওঁ কয় যে মহিলাসকলে তেওঁলোকৰ সমস্যাবোৰ, মনৰ কথাবোৰ মুকলিকৈ পাতিব পাৰিব লাগিব । অন্যথা কথাবোৰ পুঞ্জীভূত হৈ থাকিলে মহিলাৰ ওপৰত হোৱা নিৰ্যাতন, অন্যায়, যৌন আতিশয্য আদিৰ দৰে ঘটনাসমূহত তেওঁলোকে কেতিয়াও প্ৰকৃত ন্যায় লাভ কৰিব নোৱাৰিব । শিশু, ছোৱালী আৰু মহিলাৰ সুৰক্ষা সুনিশ্চিত নহ'লে আমি সফলতাৰ পথেৰে অগ্ৰসৰ হ'বই নোৱাৰিম বুলি তেওঁ কয় । মন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলে নানা প্ৰত্যাহ্বানৰ মাজতো প্ৰথমে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিব লাগিব । তেওঁ ঘৰুৱা হিংসা অথবা নিৰ্যাতনৰ চিকাৰ হোৱা মহিলাসকলকো সাহসেৰে ওলাই আহি নিজক প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায় ।  অনুষ্ঠানত দিয়া ভাষণত ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া গৌৰীপ্ৰিয়া দেউৰীয়ে কয় যে এই ৱান ষ্টপ চেণ্টাৰত ঘৰুৱা হিংসা, আশ্ৰয়হীন, মানৱ সৰবৰাহৰ বলি হোৱা আদি মহিলাক বিনামূলীয়া আইন সেৱা, চিকিৎসা সেৱা, আৰক্ষীৰ সহায়, কাউন্সেলিং আৰু ৪ দিন ৫ নিশাৰ বাবে থকা-খোৱাৰ সুবিধা দিয়া হয় আৰু পৰৱৰ্তী সময়ত প্ৰয়োজন অনুসৰি তেওঁলোকক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হয় । তেওঁ কৰ্মক্ষেত্ৰত যৌন আতিশয্যৰ চিকাৰ হোৱা মহিলাসকলক সুৰক্ষাৰ বাবে নিজৰ কৰ্মস্থানৰ সুৰক্ষা সমিতি অথবা স্থানীয় পৰ্যায়ৰ সুৰক্ষা সমিতিৰ ওচৰ চাপিবলৈ আহ্বান জনায় । আনহাতে ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলক সুৰক্ষা বিষয়াৰূপে দায়িত্বপ্ৰাপ্ত শিশু উন্নয়ন প্ৰকল্প বিষয়া অথবা প্ৰয়োজন অনুসৰি জিলা সমাজ কল্যাণ বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ আহ্বান জনায় ।আজিৰ সভাত লোকনিৰ্মাণ (পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তা উদয়ন বৰঠাকুৰ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, সমাজ সেৱিকা ৰূপা শইকীয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, বিভাগীয় বিষয়া-কৰ্মচাৰী, বিভিন্ন এন জি অ'ৰ প্ৰতিনিধি আৰু ভালেসংখ্যক লোক উপস্থিত আছিল ।উল্লেখযোগ্য যে লোকনিৰ্মাণ (গৃহ) বিভাগে নিৰ্মাণ কৰা এই ৱান ষ্টপ চেণ্টাৰৰ নিৰ্মাণ ব্যয় ২৪,৩৩, ৫৫২ টকা । ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে আজি গোলাঘাটৰ পুলিবৰ পঞ্চায়তৰ অধীনত 'জল জীৱন মিছন'ৰ অধীনত এখন পানী যোগান আঁচনি উদ্বোধন কৰে । জানপাৰ পানী যোগান আঁচনিখনৰ অধীনত ২৪৬টা পৰিয়ালক পানী যোগান ধৰা হৈছে । তেওঁ মাটিখোলা পঞ্চায়তৰ অধীনৰ মাটিখোলা-নাহৰজান গ্ৰাণ্ট পথ (দৈৰ্ঘ্য-৫.০০ কিঃমিঃ) আৰু হাতীগড় মাটিখোলা প্রজেক্ট তিনিআলি পথ (দৈৰ্ঘ্য-১.১৮কিঃমিঃ)ৰো উদ্বোধন কৰে । 

No comments