Breaking News

মেৰাপানীত কৰ ফাঁকিৰে অব্যাহত চোৰাং বালিৰ অবৈধ বেহা


 ডিজিটেল সংবাদ, মেৰাপানী: ম্যাদ উকলা চালান জালিয়াতি কৰি নগালেণ্ডলৈ সৰবৰাহৰ চেষ্ঠা কৰোতেই জব্দ কৰিলে চি আৰ পি এফে চোৰাং বালি সৰবৰাহৰ অবৈধ ঘাটিত পৰিণত হৈছে মেৰাপানী সীমাঞ্চল। অসম চৰকাৰৰ বন বিভাগক কৰ ফাঁকি দি এচাম অসাধু ব্যৱসায়ীয়ে মেৰাপানী সীমাত গঢ়ি তুলিছে বালিৰ চোৰাং বেহা। আজি মেৰাপানী সীমাত থকা চি আৰ পি এফৰ তালাচী চকীত জব্দ কৰা হয় এখন চোৰাং বালিভৰ্তি ডাম্পাৰ। চি আৰ পি এফে জব্দ কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS05C9751জনৈক বিজু গগৈ নামৰ এজন ব্যক্তিয়ে ম্যাদ উকলা চালান ভূৱাকৈ প্ৰস্তুত কৰি নগালেণ্ডলৈ সৰবৰাহৰ চেষ্ঠা কৰোতেই চি আৰ পি এফে য়ে সন্দেহবশত বাৰ ক'ড পৰীক্ষা কৰাত জালিয়াতিৰ তথ্য পোহৰলৈ আহে। জানিব পৰা মতে, উক্ত ডাম্পাৰখনে কানাইঘাটৰ পৰা নগালেণ্ডলৈ আনি আছিল বালিখিনি। ঘটনা সন্দৰ্ভত ইতিমধ্যে চি আৰ পি এফে জব্দকৃত গাড়ীখন মেৰাপানীৰ বন বিভাগৰ জৰিয়তে জামুগুৰি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত গতাই দিয়ে।

No comments