Breaking News

২০২২ বৰ্ষত বিশ্বত গৃহহীন ১০ কোটি লোক


 ডিজিটেল ডেস্ক: বিশ্বত চলিত বৰ্ষত হিংসা, সংঘর্ষ, দীঘলীয়া সংঘাত, নানাধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে নিজৰ ঘৰ হেৰুৱাই গৃহহীন হৈছে প্রায় ১০ কোটি লোক। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাৰ মুৰব্বী ফিলিপো গ্ৰেণ্ডিয়ে এই তথ্য প্রকাশ কৰিছে। ২০২১ চনত বিভিন্ন  কাৰণত গৃহহীন হোৱা লোকৰ সংখ্যা আছিল ৯ কোটি। এবছৰতেই ১ কোটি লোক গৃহহীন হোৱাটো অতি গুৰুতৰ মানৱীয় সংকট বুলি অভিহিত কৰিছে বিশ্ব সংস্থাটোৱে। বিভিন্ন দেশত প্ৰধানকৈ ইউক্রেইন, ইথিওপিয়া, ছিৰিয়া, বুৰকিনা ফাঁচো, ম্যানমাৰ আদি দেশত চলি থকা নানাধৰণৰ, হিংসা, সন্ত্রাসবাদী আক্রমণ, দীঘলীয়া সংঘাতৰ বাবেই এই লোকসকলে নিজৰ ঘৰ এৰি নিৰাপদ স্থান বিচাৰি যাবলগীয়া হৈছে। বিশ্ব সংস্থাটোৰ মুৰব্বীগৰাকীয়ে দাবী কৰামতে ছিৰিয়াত বিগত প্রায় এক দশক ধৰি চলি থকা সংঘাতে ভয়াৱহ মানৱীয় দুৰ্যোগৰ সৃষ্টি কৰিছে।

No comments