Breaking News

২০২২ চনটো আছিল এক অন্যতম সফলতাৰ বছৰ কিয়নো জ্যোতিবিজ্ঞানী সকলে সৌৰজগতৰ বাহিৰত ২০০ৰো অধিক গ্ৰহৰ সন্ধান কৰি উলিয়াইছে

             


ডিজিটেল ডেস্ক: এখন অন্য জগতৰ সন্ধানত সদায় ব্যস্ত থাকে বিজ্ঞানীসকল। সমগ্ৰ বিশ্বৰ জ্যোতি বিজ্ঞানীসকল আমাৰ সৌৰজগতৰ বাহিৰত অনেক অনন্য বিশ্বৰ সন্ধান কৰি আছে যত মানুহে ভৱিষ্যতে ভৰি দিয়াৰ সম্ভাবনা আছে,এনে ক্ষেত্ৰত ২০২২ চনটো আছিল এক অন্যতম সফলতাৰ বছৰ ,বিদায়ী বছৰটোত সমগ্ৰ বিশ্বৰ জ্যোতিবিজ্ঞানী সকলে আমাৰ সৌৰজগতৰ বাহিৰত ২০০ৰো অধিক গ্ৰহৰ সন্ধান পায় আৰু সেইবোৰৰ কিছুমান জে,মছ ৱেব স্পেচ আৰু আন টেলিস্কোপে পৰ্যবেক্ষণ কৰে বছৰটোৰ আৰম্ভণিতে সৌৰ বাহিৰত থকা গ্ৰহৰ তালিকাত ৫০০০ তকৈ কম গ্ৰহ আছিল ,কিন্তু বছৰটোৰ বিদায়ী সময়ত হৈছে গৈ ৫২৩৫ ।গ্ৰহবিলাকৰ ভিতৰত প্ৰায় ৪শতাংশ পৃথিৱী বা মংগলৰ দৰে কঠিন শিলাখণ্ড।বৰ্তমান ২০২২ চনত আৱিষ্কাৰ কৰি উলিওৱা গ্ৰহটোৰ নাম হৈছে ১০৯৮৩৩ বি।

No comments