Breaking News

লাভ জেহাদৰ বলি হোৱা নাই অভিনেত্ৰী তুনিশা শৰ্মাঃ আৰক্ষীৰ সূত্ৰত প্ৰকাশ।



টিভি অভিনেত্ৰী তুনিশা শৰ্মাই ছুটিং ছেটত আত্মহত্যা কৰাৰ ঘটনাত জড়িত থকাৰ সন্দেহত  আৰক্ষীয়ে তেওঁৰ সহ-অভিনেতা শ্বীজান খানক গ্ৰেপ্তাৰ কৰিছে। তুনিশা শৰ্মা মৃত্যু পিছতে লাভ জেহাদৰ বলি হোৱা বুলি যি চৰ্চা চলিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে লাভ জিহাদৰ বিষয়টো নাকচ কৰিছে। এতিয়ালৈকে প্ৰকাশিত তথ্য অনুসৰি, তুনিশাক ব্লেকমেইল কৰাৰ বিষয়ে কোনোধৰণৰৰ তথ্য পোহৰলৈ অহা নাই। অভিনেত্ৰীগৰাকী জিশান খানৰ সৈতে সম্পৰ্কত আছিল আৰু ১৫ দিন আগতে তেওঁলোকৰ বিচ্ছেদ হৈছিল। এইটো কোৱা হৈছে যে এই কাৰণেই হয়তো তুনিশা উত্তেজিত হৈ এই চৰম সিদ্ধান্ত বাছিল হ’ব পাৰে।

বিজেপি নেতা ৰাম কদমে তুনিশা শৰ্মাৰ আত্মহত্যাৰ ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁৰ বিবৃতিত কয় যে, "তুনিশা শৰ্মাৰ পৰিয়ালক ন্যায় প্ৰদান কৰা হ'ব আৰু যদি এইটো লাভ জিহাদৰ ঘটনা হয়, তেন্তে ইয়াৰ তদন্ত কৰা হ'ব আৰু ইয়াৰ আঁৰত কোনবোৰ সংগঠন আছে আৰু কোনষড়যন্ত্ৰকাৰী সেয়া জানিব পৰা যাব।" 

তুনিশা শৰ্মাৰ মৃত্যুৰ পিছত আজি অভিনেত্ৰীগৰাকীৰ অন্তিম সংস্কাৰ অনুষ্ঠিত হ'ব লাগিছিল যদিও কিন্তু অভিনেত্ৰীগৰাকীৰ বৰ্তমানলৈকে ২৫  অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা নাই। তথ্য অনুসৰি, আজি ৰাতিপুৱা তুনিছাৰ মৃতদেহ পৰিয়ালটোক চমজাই দিয়া হৈছিল আৰু সন্ধিয়া ৪ ৰ পৰা ৪.৩০ বজাৰ ভিতৰত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব লাগিছিল, যদিও তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া আজি অনুষ্ঠিত নহ'ব বুলি জনা গৈছে। তেওঁৰ মৰণোত্তৰ পৰীক্ষাও যোৱা নিশা সম্পন্ন হৈ যায় যদিও প্ৰতিবেদন সম্পৰ্কে জনা নাযায়।

শেহতীয়া আপডেটবোৰত, আৰক্ষীয়ে গৰ্ভধাৰণৰ কথা খাৰিজ কৰিছে। তুনিছাৰ শৰীৰত কোনো আঘাতৰ চিহ্ন পোৱা নগ'ল। মৃত্যুৰ কাৰণ ফাঁচীৰ ফলত শ্বাসৰুদ্ধ হোৱা বুলি কোৱা হয়। তুনিশাই শেষবাৰৰ বাবে অৰ্থাৎ তেওঁৰ মৃত্যুৰ ২৪ ঘণ্টা আগতে ফোনত বা ছেটত যিসকল লোকৰ সৈতে কথা পাতিছিল তেওঁলোকৰ ভাষ্য ৰেকৰ্ড কৰা হৈছে।

তথ্য অনুসৰি, মৰণোত্তৰ পৰীক্ষাত এইটো প্ৰকাশ পাইছে যে তুনিছাৰ ফাঁচীৰ ফলত মৃত্যু হৈছিল। অভিনেত্ৰীগৰাকীৰ ভিচেৰা সংৰক্ষণ কৰা হৈছে, প্ৰতিবেদন অহাৰ পিছতহে, প্ৰকৃত কাৰণ জানিব পৰা যাব। 

No comments