Breaking News

চীনৰ জিনজিয়াঙত খহি পৰিল সোণৰ খনিঃ ১৮ জন খনিকৰ্মী আৱদ্ধ



উত্তৰ-পশ্চিম চীনৰ জিনজিয়াং প্ৰদেশৰ ইনিং কাউণ্টিত এটা সোণৰ খনি খহি পৰাৰ ফলত কমেও ১৮ জন শ্ৰমিক আৱদ্ধ হৈ পৰিছে।  চীনৰ উত্তৰ-পশ্চিম প্ৰদেশ জিনজিয়াঙত এটা সোণৰ খনি খহি পৰাত ১৮ জনকৈ শ্ৰমিক আৱদ্ধ হৈ পৰিছে। খনি খহি পৰাৰ সময়ত মুঠ ৪০ জন শ্ৰমিকে খনিৰ ভিতৰত কাম কৰি আছিল। ইয়াৰ পিছতে ২২ জন খনিকৰ্মীক লগে লগে সুৰক্ষিত স্থানলৈ অনা হৈছিল যদিও বাকী সকল শ্ৰমিক বৰ্তমানও আৱদ্ধ হৈ থকা বুলি ছিনহুয়া সংবাদ সংস্থাই তথ্য সদৰি কৰিছে। "বাকী আৱদ্ধ হৈ থকা খনিকৰ্মীসকলক উদ্ধাৰ কৰিবলৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। 

উল্লেখ্য যে  চীনত বিশ্বৰ অন্যতম বৃহৎ খনন উদ্যোগ আছে আৰু ই হৈছে বিশ্বৰ সৰ্ববৃহৎ কয়লা উৎপাদক। অৱশ্যে, চীনা খনিবোৰ অত্যন্ত বিপদজনক বুলি গণ্য কৰা হয়। দুৰ্বল সুৰক্ষা সতৰ্কতা আৰু তত্বাৱধানৰ অভাৱৰ বাবে খনিকৰ্মীসকলৰ সঘনাই মৃত্যু হয়।

যোৱা ছেপ্টেম্বৰত, কিংঘাই অঞ্চলত এটা কয়লা খনি খহি পৰাৰ ফলত ১৯জনকৈ খনিকৰ্মী আৱদ্ধ হৈ মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। 

No comments