Breaking News

পুনৰ গোলাঘাটক নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে ড্ৰাগছ মাফিয়াই।

 


ডিজিটেল সংবাদ, গোলাঘাট: যোৱা নিশা গোলাঘাটৰ শালমিৰাত গোলাঘাট আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় সন্দেহযুক্ত হেৰ’ইন । গোলাঘাটৰ ৰঙাজানত দিশৰ পৰা অহা এখন চাফাৰী বাহনৰ পৰা গোলাঘাট আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।  অভিযানত এএছ-০১-এভি-৬৬০০ নম্বৰৰ ছাফাৰী বাহনখনৰ পৰা ৪০ টা কন্টেইনাসহ জব্দ কৰাৰ লগতে আটক কৰে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক।  ডিমাপুৰৰ পৰা উজনিলৈ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল দুষ্ট চক্ৰটোৱে। অৱশেষত গোপন সূত্ৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে ৰঙাজান পাৰ হৈ আহি শালমিৰা বাইপাছৰ সমীপতে আৰক্ষীয়ে তালাচী চলাই এই বৃহৎ পৰিমাণৰ ড্ৰাগছসমূহ জব্দ কৰে।  জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক মূল্য প্ৰায় ২ কোটি টকাৰ বুলি জানিব পৰা গৈছে। 

No comments