Breaking News

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা বিকাশৰ বাবে এটা পষেক শনিবাৰে ডিব্ৰুগড় জিলা নাহৰকটীয়াত সামৰণি মাৰে


 ডিজিটেল সংবাদ, ডিব্ৰুগড়: 
নামনি অসমৰ বঙাইগাওঁৰ পৰা মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা বিকাশৰ বাবে এটা পষেক শনিবাৰে ডিব্ৰুগড় জিলা নাহৰকটীয়াত সামৰণি মাৰে।নাহৰকটীয়া আৰু টিংখঙৰ সংযোগস্থল কুঁৱৰী গাঁও হাই স্কুল খেলপথাৰত বিশাল জনসভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৯৭৩°৩৮ কোটি টকাৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন অভিলাষী আঁচনিৰ শিলান্যাস আৰু শুভ উদ্বোধন কৰে ।ইয়াৰে ভিতৰত টিংখঙত চিৰিয়াখানা,ডিব্ৰিুগড়ত ডেন্টেল কলেজ,মৰাণ নাহৰকটীয়া হৈ দিগবৈলৈ ৰাষ্ট্ৰীয় ঘাইপথ।ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিত মিনি ষ্টেডিয়াম,নাহৰকটীয়াৰ তিপামত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয় ভাবে মেডামমেফি পালন,অসমৰ প্ৰতিখন হাইস্কুল ডনবক্স পৰ্যায়লৈ উন্নীতকৰণ,জিলাখনৰ কেইবাটাও বাট পথ আদিৰ কথা ঘোষণা কৰে।ভাষণ প্ৰসংগত বৰদিনৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী শৰ্মাই নৱ বৰ্ষৰ প্ৰাকক্ষণত সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান জনায়।শুক্ৰবাৰে ধেমাজিৰ পৰা নামৰূপত উপস্থিত হৈ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ অতিথিশালাত নিশা কটোৱাৰ পিছত আজি পুৱা নামৰূপৰ অসম পেট্ৰকেমিকেলচ লিমিটেড পৰিদৰ্শন কৰি পুৱাৰ জলপান গ্ৰহণ কৰা পিছত সভাস্থলীত উপস্থিত হয়।বিধায়ক তৰংগ গগৈয়ে আদৰণী ভাষণ আগবঢ়োৱা সভাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত,ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস,মন্ত্ৰী বিমল বৰা,কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,বিধায়ক তেৰচ গোৱালা,প্ৰশান্ত ফুকন চক্ৰধৰ গগৈ আদি উপস্থিত থাকে।

No comments